নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি এৰি পদপথত চাহ বিক্রীৰে মিনুৰ জীৱন সংগ্রাম

লকডাউনে সলনি কৰিছে জীৱিকাৰ পথ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ লকডাউনৰ পিছতে ৰাজ্যৰ বহু লোকৰ সলনি হৈছে জীৱিকা৷ একাংশ ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত বহু লোকে হেৰুৱাইছে চাকৰি৷ কিন্তু চাকৰি হেৰুৱাৰ পিছতো মনোবল হেৰুওৱা নাই আন একাংশ লোকে৷ ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে মহানগৰীৰ এগৰাকী মহিলা৷ জয়ানগৰ চাৰিয়ালিত মিনু বাঢ়ৈ নামৰ এগৰাকী মহিলাই ভগ্ণীৰ সৈতে বিক্রী কৰিছে পিঠা–চাহ৷ চলাইছে এটি পৰিয়াল৷ এইগৰাকী মহিলাই প্রতিদিনে পুৱা ৬বজাৰ পৰা ৯বজালৈ জয়ানগৰ চাৰিয়ালিৰ পদপদত চাহ, পিঠা বিক্রী কৰি উপার্জন কৰিছে ৭০০ৰ পৰা ৮০০ টকাকৈ৷ লকডাউনৰ পিছত আর্থিকভাৱে বিধ্বস্ত হৈ পৰা এইগৰাকী মহিলাৰ জীৱনলৈ আহিছে আন এক নতুন গতি৷

উল্লেখযোগ্য যে এটা কোম্পানীত ডাটা এণ্ড্রীৰ কাম কৰিছিল মহিলাগৰাকীয়ে৷ লকডাউনৰ পিছত চাকৰি হেৰুৱাৰ বাবে এতিয়া চাহ, পিঠা বিক্রীৰে সলনি কৰিছে জীৱিকাৰ পথ৷ বিচাৰি পাইছে জীৱনৰ আন এক মাদকতা৷ মিনু বাঢ়ৈ নামৰ এইগৰাকী মহিলাৰ এনে পদক্ষেপক আদৰণি জনাইছে বহু লোকে৷ ইফালে, মহিলাগৰাকীৰ এনে ব্যতিক্রমী পদক্ষেপ দেখি আগবাঢ়ি আহিল সমাজকর্মী ডাঃ শৈলেন কলিতা৷ মিনু বাঢ়ৈক উৎসাহিত কৰাৰ লগতে ভৱিষ্যতে সহায়ৰ হাত আগবঢ়োৱাৰ কথা সদৰী কৰে সমাজকর্মীগৰাকীয়ে৷

You might also like