নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানবন্দৰত তিনি শতাধিক টেক্সিচালকৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিয়ে দেশৰ লগতে ৰাজ্যৰ অর্থনীতিত বিৰূপ প্রভাৱ পেলাইছে৷ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি লকডাউন হোৱাৰ পাছৰে পৰা ব্যক্তিগত খণ্ডত কর্মৰত লোকসকল, কেবচালক, দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লকডাউনৰ পাছৰে পৰা গুৱাহাটী বৰঝাৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ টেক্সি চালকসকলৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে৷ লকডাউন প্রত্যাহাৰৰ পাছত বিমানৰ চলাচল হ’ল যদিও যাত্রীৰ অভাৱত বিমানবন্দৰত টেক্সি চলাই পৰিয়াল পোহপাল দিয়া তিনি শতাধিক শিক্ষিত নিবনুৱাই এতিয়া হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাত্রীৰ অভাৱত বৰঝাৰ বিমান বন্দৰত টেক্সি চলোৱা শিক্ষিত নিবনুৱা যুৱকসকলৰ একাংশই দিন হাজিৰা কৰাৰ লগতে কেইবাজনো চালকে শাক–পাচলিৰ দোকান দি পৰিয়াল পোহপাল দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাত্রীৰ অভাৱত বর্তমান বিমান বন্দৰত প্রায় ১০০ টেক্সিহে চলাচল কৰি আছে৷

উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰৰ পৰা তিনি শতাধিক টেক্সিচালকে বিমান যাত্রীক লৈ দৈনিক বিভিন্ন স্থানলৈ অহা–যোৱা কৰিছে৷ আজাৰা, ধাৰাপুৰ, গৰল, মির্জাপুৰ, কাঁহিকুছি, যোগীপাৰা, বঙৰাকে আদি কৰি বিমানবন্দৰৰ দাঁতিকাষৰীয়া এলেকাৰ এচাম শিক্ষিত নিবনুৱা যুৱককে ধৰি অন্যান্য লোকে পূর্বৰে পৰা বিমানবন্দৰত টেক্সি চলাই জীৱন যাপন কৰি আহিছে৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে হোৱা লকডাউনত এই ব্যৱসায়ত পৰা বিৰূপ প্রভাৱৰ ফলতেই টেক্সি চালকসকলৰ জীৱিকাৰ প্রতি তীব্র প্রত্যাহ্বান আহি পৰিছে৷ গুৱাহাটী বিমান কোঠ টেক্সি সন্থাৰ সভাপতি প্রবীণ মেধিয়ে জানিবলৈ দিয়া মতে সন্থাৰ অধীনত বিমানবন্দৰত তিনিশখন টেক্সি চলাচল কৰে৷ যাত্রীৰ অভাৱত এতিয়া মাত্র এশখন টেক্সিহে চলাচল কৰি আছে৷ যাত্রীৰ অভাৱত বিমানবন্দৰত টেক্সি চলাচল বন্ধ হৈ পৰাত লোন লৈ ক্রয় কৰা বাহনৰ ইএমআই পৰিশোধ কৰাত নিবনুৱা যুৱক–যুৱতীসকলে সমস্যাৰ সন্মুখীন হৈছে৷

ইয়াৰ উপৰি বিমানবন্দৰত বেআইনীভাৱে একাংশ লোকে ব্যক্তিগত বাহনেৰে যাত্রী কঢ়িয়াই আছে৷ এই বেআইনী কার্যকলাপ বন্ধ কৰিবলৈ জিলা পৰিবহণ বিষয়া, আৰক্ষী আয়ুক্তকে ধৰি ঊর্ধ্বতন কর্তৃপক্ষক সন্থাই লিখিত অভিযোগ দাখিল কৰিছিল৷ কিন্তু এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই আজিলৈকে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ বিমানবন্দৰত টেক্সি ব্যৱসায়ৰ লগত জড়িত গৰাকী আৰু চালকসকলৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰীভাৱে ব্যৱস্থা ল’বলৈ সন্থাৰ সভাপতি প্রবীণ মেধিৰ লগতে দল–সংগঠনে চৰকাৰক আহ্বান জনাইছে৷

You might also like