নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত শীঘ্রে নির্বাচনৰ দাবী বিৰোধীৰ

সর্বদলীয় বৈঠক

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ   অহা ২৭ অক্টোবৰত বিটিচিত ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহৰ কার্যকালৰ অন্ত পৰাৰ পূর্বেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে বিপিএফকে ধৰি বিৰোধী দলসমূহে৷ মঙলবাৰে সন্ধিয়া অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়৷ বিপিএফকে ধৰি বিৰোধীয়ে অচিৰেই বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে যি দাবী তথা পৰামর্শ আগবঢ়াইছে, সেই সন্দর্ভত আজি অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বিস্তৃতভাৱে আলোচনা কৰি চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব৷ উল্লেখ্য যে বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজ’ন (বিটিআৰ)ৰ সাম্প্রতিক পৰিস্থিতি সম্পর্কত আলোচনাৰ বাবে আয়োজন কৰা বৈঠকখনত গণ সুৰক্ষা পার্টীৰ সভাপতি তথা কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া, ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো, বিপিএফৰ জ্যেষ্ঠ নেতা ৰবিৰাম নার্জাৰী, এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক দুর্গাদাস বড়ো, চিপিআই (এম)ৰ দেৱেন ভট্টাচার্য, ভাৰতীয় গণ পৰিষদৰ সুকান্ত মজুমদাৰ, ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ ললিত পেগু, অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে ক’ভিড পৰিস্থিতিৰ এই জটিল সন্ধিক্ষণত বিটিচি নির্বাচন অনুষ্ঠিত কৰা সম্পর্কত নিজ নিজ দলৰ দৃষ্টিভংগী উত্থাপন কৰে৷ বিজেপি আৰু অগপৰ বাহিৰে বিপিএফকে ধৰি বিৰোধী দলসমূহে শীঘ্রে নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰি কয় যে অঞ্চলটোত দীর্ঘদিন ধৰি ৰাজ্যপালৰ শাসন প্রৱর্তন হৈ থকাৰ ফলত ৰাইজ ক্ষতিগ্রস্ত হৈছে৷ মন কৰিবলগীয়া এয়ে যে বৈঠক আৰম্ভ হোৱাৰ পূর্বে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু মন্ত্রী প্রমীলাৰাণী ব্রহ্মই মুখ্যমন্ত্রী সোণোৱালক সাক্ষাৎ কৰে৷ অৱশ্যে তেওঁলোক বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে৷

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা বৈঠকত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাই ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ অৱলোকনেৰে এক প্রেজেণ্টেচন আগবঢ়ায়৷ ইয়াৰ পিছতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ বক্তব্যত আগন্তুক দুর্গা পূজা তথা দীপান্বিতাৰ দৰে উৎসৱৰ বতৰত সম্ভাব্য ক’ভিড সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি বিটিচি নির্বাচন অহা ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ পোষকতা কৰে৷ এই বিষয়ে ইতিমধ্যে মুখ্যমন্ত্রীৰ ওচৰত প্রস্তাৱ উত্থাপন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীৰ নির্দেশক্রমে এই বিষয়ত সকলো দলৰে মতামত গ্রহণৰ বাবে মঙলবাৰে এই সর্বদলীয় বৈঠকখন ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে৷ বৈঠকখনত মুখ্যমন্ত্রী সোণোৱালে প্রত্যেকটো দলে বিটিচি নির্বাচন সম্পর্কত নিজৰ নিজৰ মত দাঙি ধৰাৰ বাবে ৰাজনৈতিক দলসমূহৰ প্রতিনিধিসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে সকলো দলে সন্মিলিতভাৱে গণতান্ত্রিক প্রক্রিয়া অব্যাহত ৰখাৰ দিশত কাম কৰিব লাগে৷ এইক্ষেত্রত চৰকাৰ আৰু বিৰোধী দল সকলোৱে টীম অসমৰ ধাৰণাৰে কাম কৰিব লাগিব৷

মঙলবাৰে বৈঠকত উপস্থিত থকা ৰাজনৈতিক দলসমূহে উত্থাপন কৰা মতামতসমূহ লিপিবদ্ধ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কাইলৈ অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকতো এই সম্পর্কত বিস্তৃতভাৱে আলোচনা কৰা হ’ব৷ এই প্রক্রিয়াত বিটিআৰৰ জনসাধাৰণ যাতে কোনোধৰণৰ ক্ষতিগ্রস্ত নোহোৱাকৈ গণতান্ত্রিক প্রক্রিয়াটোক আগবঢ়াই নিব পৰা যায়, সেই দৃষ্টিকোণ আগত ৰাখিয়েই চৰকাৰে সঠিক সিদ্ধান্ত ল’ব৷ স্বাস্থ্যবিধি অটুট ৰাখি গণতান্ত্রিক প্রক্রিয়াক আগবঢ়াই নিয়াৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে আগন্তুক দিনত শাসক–বিৰোধীৰ মিলিত প্রচেষ্টাৰে জনসাধাৰণক সেৱা কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিবাচক পদক্ষেপ ল’ব৷ গণতান্ত্রিক ব্যৱস্থা ৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ সন্তুলনেৰে বিটিআৰ নির্বাচন সম্পর্কত আগন্তুক দিনত সিদ্ধান্ত লোৱা হ’ব৷ আজিৰ এই সর্বদলীয় বৈঠকত উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰী, জলসিঞ্চন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী ভৱেশ কলিতাও উপস্থিত থাকে৷
বিটিচিত নির্বাচন বিচাৰি উচ্চ ন্যায়ালয়ত গোচৰ
ৰাজ্যপালৰ শাসন বলৱৎ হৈ থকা বিটিএডিত শীঘ্রে নির্বাচন অনুষ্ঠিত কৰাৰ আর্জিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত আবেদন৷ দ্য পিপল্ছ জইণ্ট একচন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট নামৰ সংগঠনটোৱে উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ৫৯/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদন৷ আজি ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ এন কে সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই আবেদনখনৰ শুনানি গ্রহণ কৰি ৰাজ্য চৰকাৰৰ লগতে নির্বাচন আয়োগলৈ জাননী জাৰি কৰে৷ উল্লেখ্য যে ১১ এপ্রিলত বিটিচি নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছিল৷ কিন্তু পৰৱর্তী সময়ত ক’ৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ অজুহাতত এই নির্বাচন সাময়িকভাৱে স্থগিত ৰখা হয়৷ সমান্তৰালভাৱে বর্তমানৰ বিপিএফ চৰকাৰৰ কার্যকাল উকলি যোৱাত যোৱা ২৭ এপ্রিলৰ পৰা বিটিএডিত ৰাজ্যপালৰ শাসন বলৱৎ কৰা হয়৷ কিন্তু ইয়াৰ মাজতে সংগঠনটোৱে দাখিল কৰা আবেদনখনৰ জৰিয়তে বিটিএডিত নির্বাচন অনুষ্ঠিত কৰিবলৈ নির্দেশ দিবলৈ প্রার্থনা জনাইছে ন্যায়ালয়ৰ মজিয়াত৷ এই ৰাজহুৱা স্বার্থজড়িত আবেদনখনত উল্লেখ কৰা হৈছে যে বিহাৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেইদৰে ৰাজস্থানত স্থানীয় নির্বাচন অনুষ্ঠিত কৰাৰ বাবেও গ্রহণ কৰা হৈছে সিদ্ধান্ত৷ এনে পৰিপ্রেক্ষিতত অসমত বিটিচি নির্বাচন অনুষ্ঠিত নকৰাৰ কোনো কাৰণ থাকিব নোৱাৰে৷ বিটিচি অঞ্চলৰ ৰাইজৰ সর্বতোপ্রকাৰৰ উন্নয়নৰ স্বার্থত নির্বাচন অনুষ্ঠিত কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে৷

You might also like