নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো নাযায় সাৰি সকলো আহিব তদন্তলৈ

পি কেক গ্রেপ্তাৰৰ পিছতেই মুখ্যমন্ত্রীয়ে ক’লে

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি পৰীক্ষা কেলেংকাৰিৰ অন্যতম খলনায়ক পি কে দত্তৰ গ্রেপ্তাৰক লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিক্রিয়া প্রকাশ কৰিছে৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– এই কেলেংকাৰিৰ লগত জড়িত সকলো দোষী আহিব তদন্তৰ আওতালৈ৷ মুখ্যমন্ত্রীয়ে ইয়াকো কয়– আৰম্ভণিৰ পৰা মই এটা কথা কৈ আহিছোঁ, অসম আৰক্ষীৰ ওপৰত সকলোৱে বিশ্বাস ৰাখক৷ তেওঁলোকে নিষ্ঠা আৰু দায়বদ্ধতাৰে তদন্ত চলাই আহিছে৷ আগন্তুক দিনত এই তদন্ত আৰক্ষীয়ে নিষ্ঠাৰে সম্পন্ন কৰিব৷ এইক্ষেত্রত সকলোকে সহযোগিতাৰ আহ্বান জনায় মুখ্যমন্ত্রীয়ে৷

You might also like