নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ অক্টোবৰৰ পূর্বে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী যুৱ বিপিএফৰ

নিয়মীয়া বার্তা, ২৫ ছেপ্টেম্বৰঃ চলিত বর্ষৰ ২৭ অক্টোবৰৰ পূর্বে বিটিচি পৰিষদীয় নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগক আহ্বান জনাইছে কেন্দ্রীয় যুৱ বিপিএফে৷ যুৱ বিপিএফৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰীয়ে কালি বিবৃতিযোগে এই আহ্বান জনাই কয় যে বিগত ৪ এপ্রিলত বিটিচি পৰিষদীয় নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে বিটিচি পৰিষদীয় নির্বাচন স্থগিত ৰাখে৷

তাৰ কিছুদিন পিছত বিটিচিত ৰাজ্যপালৰ শাসন বলৱৎ কৰা হয়৷ কিন্তু বিগত ছয় মাহে বিটিচিবাসী জনসাধাৰণ উন্নয়নৰ পৰা বঞ্চিত হ’ব লগা হোৱা বুলি বিবৃতিটোত উল্লেখ কৰে সোমনাথ বসুমতাৰীয়ে৷ যুৱ নেতা সোমনাথ বসুমতাৰীয়ে পুনৰ উল্লেখ কৰে যে বিটিএডি এলেকাত নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ পৰিপ্রেক্ষিতত বিটিএডিৰ বিধায়ক আৰু সাংসদসকলে উন্নয়নৰ কোনো আঁচনি ৰূপায়ণ কৰিব পৰা নাই৷

ইপিনে, আইন–শৃংখলা সুস্থিৰ ৰখাৰ স্বার্থত বিটিএডি এলেকাত বর্তমান বাহাল থকা ৰাজ্যপালৰ শাসন অধিক সম্প্রসাৰিত নকৰিবলৈ যুৱ বিপিএফে বিবৃতিটোৰ জৰিয়তে আহ্বান জনাইছে৷ লগতে কেন্দ্রীয় নির্বাচন আয়োগে বান্ধি দিয়া নীতি–নির্দেশনা অনুসৰি অসম ৰাজ্যিক নির্বাচন আয়োগে যাতে ২৭ অক্টোবৰৰ ভিতৰত বিটিচি পৰিষদীয় নির্বাচন অনুষ্ঠিত কৰে, তাৰ বাবে যুৱ বিপিএফে আহ্বান জনাইছে৷

You might also like