নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত গো পালন–কৃষি কর্মৰে স্বাৱলম্বী দুগৰাকী অবিবাহিত মহিলা

নিয়মীয়া বার্তা, ২৫ ছেপ্টেম্বৰঃ দুগৰাকী অবিবাহিত মহিলা৷ নাম মঞ্জু শইকীয়া আৰু ৰঞ্জু ভৱানী শইকীয়া৷ যি সময়ত অসমৰ শ শ নিবনুৱা যুৱক–যুৱতীয়ে কর্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢ়াপলি মেলিছে, ঠিক সেই সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰ অঞ্চলৰ এই দুগৰাকী মহিলাই গো পালন আৰু কৃষিকর্মৰে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্রাম৷

নিজৰ পৈতৃক সম্পত্তিৰ বাৰীখনতে মহিলা দুগৰাকীয়ে গঢ়ি তুলিছে কাজি নেমু, গোল নেমু, আদা–হালধি, জালুক, কল, পাণ–তামোলৰ এখন সুন্দৰ ফার্ম৷ ইয়াৰ উপৰি মহিলা দুগৰাকীয়ে কৰি আহিছে জলকীয়া, বেঙেনা, কবি, জাতিলাউ, কোমোৰাকে ধৰি নানা তৰহৰ সময়োপযোগী শাক–পাচলিৰ খেতি৷

আনহাতে তেওঁলোকৰ আছে দুটা উন্নত জাতৰ গাইগৰু৷ উৎপাদিত কৃষি সামগ্রীৰ লগতে গাখীৰৰ পৰা বছৰত লক্ষাধিক টকা উপার্জন কৰিবলৈ সক্ষম হোৱা অঞ্জু আৰু ৰঞ্জু ভৱানী এতিয়া হৈ পৰিছে সমগ্র অঞ্চলটোৰ লোকৰ বাবে আদর্শস্বৰূপ৷ পিতৃ–মাতৃহীনা ভগ্ণীদ্বয়ৰ আছে এগৰাকী অসুখীয়া বায়েকো৷ তেওঁৰ চিকিৎসাৰ নামতো বছৰত খৰচ হয় প্রায় ৭০–৮০ হাজাৰ টকা৷

কিন্তু দুর্ভাগ্যজনক কথা যে পথাৰ আৰু বজাৰ দখলৰ শ্লোগানেৰে আগবাঢ়িব খোজা মহিলা দুগৰাকীয়ে আজিকোপতি লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সা–সুবিধা৷ মন্ত্রী অতুল বৰাৰ কৃষি বিভাগৰ কোনো এখন অভিলাষী আঁচনিয়েও স্পর্শ কৰিবলৈ সক্ষম নহ’ল বছৰ বছৰ ধৰি কৃষিকর্মৰ লগত জডিত হৈ অহা স্বাভিমানী এই দুগৰাকী অবিবাহিত মহিলাক৷

You might also like