নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষ-আৱাহনঃ স্বাগতম নৱবৰ্ষ

ঘড়ীৰ কাঁটাৰ জোখ-মাপত
আকাংক্ষিত শব্দবোৰৰ হাই-উৰুমি
উজ্জীৱিত প্ৰতিটো মুহূৰ্ত!

 

নতুন বছৰ মানেই যেন আস্থাশীল এক বছৰ৷ এনে লাগে যেন প্ৰত্যেক নতুন বছৰে আমাক
কিবা প্ৰতিশ্ৰুতিহে দি থয়! এতিয়া সেই প্ৰতিশ্ৰুতি পালন কৰাৰ যেন সময় উপস্থিত হৈছে৷

পুৰণি বছৰটো গৈ নতুন বছৰৰ শুভাৰম্ভ হৈছে৷ এনে সময়ত সদায়ে নানান হিচাপ কৰা হয়৷ কি পালোঁ, কি নাপালোঁ ভবা হয়৷ বিগত বছৰটোৱে আমাক যোৱা এশটা বছৰে নোহোৱা পৰিস্থিতি এটাৰ মুখামুখি কৰাই দিলে৷ সমগ্ৰ পৃথিৱীজুৰি কেইবালাখো লোক অকালতে মৃত্যুৰ বুকুত ঢলি পৰি মানৱ সভ্যতাক ইতিকিং কৰি গ’ল৷ আমি এতিয়াও যিসকল মহামাৰীৰ মাজত থাকিও জী আছোঁ, সম্ভৱতঃ কমেও এটা শতিকাৰ ভিতৰত এইসকলেই সবাতোকৈ সৌভাগ্যৱান মানুহ৷ কাৰণ মহামাৰীয়ে আমাৰ জীৱনৰ স্বাচ্ছন্দ্য সাময়িকভাবে নোহোৱা কৰিলেও কোনো মূল্যৰ বিনিময়ত কিনিব নোৱৰা অভিজ্ঞতাৰে আমি অভিজ্ঞ হৈছোঁ৷

২০২১ বৰ্ষটোক আমি পালো জীৱনৰ আটাইতকৈ কাঢ়া শিক্ষকজনৰ ৰূপত যিয়ে আঙুলিয়াই থৈ গ’ল আমাৰ ভুলবোৰ৷ আমাক সজাগ হ’বলৈ সকীয়াই থৈ গ’ল৷

এই বৰ্ষটোৰ শেষৰ এই সময়খিনি অংগীকাৰবদ্ধ হোৱাৰ সময়, প্ৰতিজ্ঞাবদ্ধ হোৱাৰ সময়৷ ২০২২ বৰ্ষত আমি আমাৰ ভুলৰ পুনৰাবৃত্তি নকৰোঁ৷ আমাৰ জীৱনত দুনাই ভুল নকৰোঁ৷ ২০২১ বৰ্ষই সেই শিক্ষাই দি গ’ল আমাক৷ কোৱা হয় মানুহ অমৃতৰ সন্তান৷ অমৃত মানেনো কি ? হয়তো অমৃত মানে প্ৰকৃতি৷ প্ৰকৃতিয়ে আমাক যোগান ধৰে অমৃত৷ প্ৰকৃততে আমি প্ৰকৃতিৰেই সন্তান৷ তথাপিও আমি প্ৰকৃতিক অৱমাননা কৰোঁ৷ কৰোঁ আওকাণ৷ এনে আৰু কেতিয়াও নকৰোঁ৷ প্ৰকৃতিক আমি আপডাল কৰিম৷ সুজিবলৈ যত্ন কৰিম কেতিয়াও নুসুজা মাতৃ ঋণ৷ এয়া সেই অংগীকাৰৰেই সময়৷

২০২২ বৰ্ষত প্ৰকৃতি পুনৰ ঠণ ধৰি উঠক৷ নদন-বদন হওক কৃষিভূমি৷ কৃষকৰ হওক জয়জয়-ময়ময়৷

২০২২ বৰ্ষত মানুহৰ জীৱনলৈ স্বাভাৱিক ছন্দ ঘূৰি আহক! সমাজৰ নিম্নবৰ্গৰ মানুহৰ জীৱন যেনেধৰণে বিপন্ন হৈছে, সেই জীৱনলৈও আহক স্বাভাৱিক গতি৷ মানৱ জাতিয়ে ত্ৰাস মুক্ত হৈ মুকলি মনেৰে ধৰণী ধুনীয়া কৰাৰ সপোন বাস্তৱায়নত লাগি যাওক, ইজন-সিজনৰ মাজত আহি পৰা দূৰত্বৰ অৱসান হওক, ভাতৃত্ব, বন্ধুত্ব, প্ৰেমৰ এক অবিনশ্বৰ অধ্যায়ৰ ৰচনা হওক ২০২২ বৰ্ষটোত৷

২০২১ বৰ্ষৰ এই অন্তিম ক্ষণত উপনীত হৈ স্বাস্থ্যকৰ্মীসকলৈ যাচিলোঁ অকৃত্ৰিম কৃতজ্ঞতা৷ জৰুৰীকালীন সেৱাৰ প্ৰতিগৰাকী কৰ্মীলৈ যাচিলোঁ আন্তৰিক কৃতজ্ঞতা৷ ঘনঘোৰ বিপদৰ ক’লীয়া ডাৱৰে যেতিয়া চাটি ধৰিছিল আমাৰ আকাশ, তেওঁলোকে হেজাৰ কষ্টকো নেওচি অবিচলিতভাৱে নিৰলস সেৱা আগবঢ়াইছিল মানৱ জাতিলৈ৷ ২০২১ বৰ্ষত জনা-নজনা, চিনা-অচিনা কতজন হেৰাই গ’ল আমাৰ মাজৰপৰা৷ অসংখ্যজন গুচি গ’ল সীমাৰ পৰিধি নেওচি৷ তেওঁলোকলৈ যাচিলোঁ অশ্ৰু-অঞ্জলি৷ অদেখা দেশত কুশলে ৰওক তেওঁলোকৰ৷ দুৰ্যোগৰ ক’লীয়া ডাৱৰ আতৰি ২০২২ বৰ্ষৰ আকাশ ফৰকাল হৈ উঠক৷ তাৰেই কামনাৰে৷

শুভ নৱবৰ্ষ৷
স্বাগতম নৱবৰ্ষ৷৷

                                                    -দীপক কুৰ্মী, নিয়মীয়া বাৰ্তা

You might also like