নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেৰগাঁৱৰ তিনি দেৱালয়ত আধ্যাত্মিক ভাৱনাৰে বৰ পূজা আৰম্ভ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : ওদালগুৰিৰ ভেৰগাঁৱৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক শ্ৰীশ্ৰীফুলগুৰি, শ্ৰীশ্ৰীবুঢ়াগোঁসাই আৰু শ্ৰীশ্ৰীজগন্নাথ দেৱালয়ত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে কালি সন্ধিয়াৰ পৰা উৎসৱমুখৰ পৰিবেশত ৫১২ বছৰীয়া বৰ পূজা আৰম্ভ কৰা হয়। ভক্তপ্ৰাণ ৰাইজৰ আধ্যাত্মিক ভাৱনা উদ্ভাসিত কৰি কালি সন্ধিয়া পাঁচ শতাধিক বন্তি আৰু আৰিয়াৰ জ্যোতিৰে আলোকিত হৈ পৰে ঐতিহাসিক দেৱালয়ৰ পূজাথলী। বৰ পূজা উদযাপন উপলক্ষে দেৱালয় তিনিখনত ৭ৰ পৰা ১০ ডিচেম্বৰলৈ আয়োজিত কাৰ্যসূচীৰ অংশ হিচাপে ৭ ডিচেম্বৰত ফুলগুৰি দেৱালয়ত সন্ধিয়া মুখ্যদ্বাৰ উদঘাটন কৰে সমাজকৰ্মী প্ৰহ্লাদ কছাৰীয়ে। ইয়াৰ পিচত একাদিক্ৰমে দেৱালয়খনত ৫১২ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লৱ কুমাৰ ডেকাই, বৰ পূজাৰ প্ৰথম শৰাই অৰ্পণ কৰে অসম বিধানসভাৰ অৱসৰী সচিব অমৰেন্দ্ৰ নাৰায়ণ ডেকাই আৰু আৰিয়া প্ৰজ্বলন কৰে ধৰ্মপ্ৰাণা মহিলা অনামিকা দৈমাৰীয়ে। নিশাৰ ভাগত বাথৌ আৰ’জ (প্ৰাৰ্থনা), নাগাৰা নাম আৰু ওজাপালি পৰিবেশন কৰাৰ উপৰি চিনেমা প্ৰদৰ্শন কৰা হয়। আজি দেৱালয়খনত পুৱাৰে পৰা সমাগম ঘটা অগণন দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰে পূজাথলীৰ পৰিবেশ। আজি পুৱাৰে পৰা একাদিক্ৰমে বাথৌ আৰ’জ, নাগাৰা নাম আৰু খেৰাই কৃষ্টি পৰিৱেশন কৰাৰ লগতে হোম যজ্ঞ অনুষ্ঠিত কৰা হয়।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like