নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত জোনাকী মেলৰ ৮১সংখ্যক মেল সম্পন্ন

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ বৃহত্তৰ বজালীৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ অন্যতম অনুষ্ঠান জোনাকী মেলৰ ৮১ সংখ্যক মেলখন কালি নিশা পাঠশালা নগৰৰ ১নং ৱাৰ্ডৰ বাসিন্দা কামিনী মোহন শৰ্মাৰ আমন্ত্ৰণক্ৰমে তেওঁৰ বাসগৃহৰ চোতালত এক নান্দনিক পৰিবেশত অনুষ্ঠিত হয়। জোনীক মেলৰ স্থায়ী বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত আঘোণ মহীয়া পূর্ণিমা তিথিত নামনি অসমৰ লোক পৰম্পৰা মহোহো উৎসৱৰ দিনটোত অনুষ্ঠিত এই মেলখনত বজালী অঞ্চলৰ কেইবাগৰাকীও জ্ঞানপিপাসু ব্যক্তিৰ লগতে কিছুসংখ্যক মেলুৱৈয়ে স্বতঃস্ফূর্তভাবে অংশগ্রহণ কৰে। আঘোণ মাহৰ পূৰ্ণিমা তিথিত মূলতঃ নামনি অসমত পালন কৰা মহোহো উৎসৱৰ উৎপত্তি, ইয়াৰ প্রাসঙ্গিকতা আৰু পৰম্পৰা শীৰ্ষক বিষয়ত আলোচনা আগবঢ়াই কণিমাৰা হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক তথা বজালীৰ এগৰাকী তথ্যসমৃদ্ধ ব্যক্তি দিলীপ কুমাৰ ৰয়ে কয় যে, মহোহো হ’ল অসমীয়া চহা জীৱনৰ এক মহান কৃষ্টি। তেখেতে দৰং, নলবাৰী, কামৰূপ, গোৱালপাৰা, বাক্সা, বজালী আদি বিভিন্ন জিলাত এই মহোহো কৃষ্টিটো কি কি ধৰণে বা কেনেকুৱা পৰম্পৰাৰে পালন কৰে সেই বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সেই অঞ্চলসমূহত মহোহোৰ দিনাখন গাঁওৰ কৃষক সমাজে মহ খেদিবলৈ কি ধৰণৰ সম্পূর্ণ চহা শব্দ চয়নেৰে প্রণয়ন কৰা গীত-পদসমূহ গায়, সেই বিষয়ে কেইবাটাও উদাহৰণসহ নিজৰ বক্তব্য দাঙি ধৰে। তেওঁৰ বক্তব্যৰ মাজতে মহোহো গীতৰ উদাহৰণ দাঙি ধৰিবলৈ গৈ লোক সংস্কৃতিবিদ ড° নবীন চন্দ্ৰ শৰ্মা, ড° প্ৰফুল্ল কুমাৰ নাথ, লীলা গগৈ, ভৱকান্ত নাথ আদিৰ দৰে পণ্ডিতপ্ৰবৰ ব্যক্তিসকলৰ উদ্ধৃতি দি মহ খেদা গীত গাই শুনোৱাৰ লগতে মহোহোৰ উৎপত্তি সম্বন্ধে কোনো লোক সংস্কৃতিবিদে নির্দিষ্ট তথ্য দাঙি ধৰা নাই বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰে৷ ৰয়ে আৰু কয় যে, মহোহো অনুষ্ঠানত যি মহ খেদাৰ কথা কোৱা হৈছে সেই মহ বনৰীয়া মহ নে মানুহৰ তেজ খোৱা মহ সেই বিষয়ে সঠিক সিদ্ধান্ত কোনো এগৰাকী লোক সংস্কৃতিৰ গবেষকে দিয়া দেখা নাই। তেওঁৰ বক্তব্যত আশা প্রকাশ কৰে যে কৃষিজীৱী অসমীয়াৰ গঞা ৰাইজৰ মাজত এই মহোহো অনুষ্ঠানটোৰ প্রয়োজনীয়তা অতীততো আছিল, বর্তমানো আছে আৰু ভৱিষ্যতলৈও থকাটো প্রয়োজনীয়। আলোচকগৰাকীৰ আলোচনাৰ আঁত ধৰি জোনাকী মেলৰ বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতাই কয় যে, নামনি অসমৰ লোকসকল যিহেতু মূলতঃ কৃষিজীৱি গতিকে এই মহোহো কৃষ্টিৰ উৎপত্তি হয়তো আঘোণৰ খেতিপথাৰৰ পৰাই আহিছে। আঘোণ মহীয়া সোণোৱালী পথাৰৰ পৰা সোণগুটিবিলাক ঘৰলৈ অনাৰ পিছত সেইবিলাক চোতালত থওঁতে সম্পূর্ণ চোতালখন বন্ধ হৈ যায় বাবে বাৰীৰ পিছফালে থকা খাল, বিল, দোং আৰু কচুৱনি বাঁহনিৰ মাজত বাস কৰা, মানুহৰ তেজ খাবলৈ ভালপোৱা মহবোৰ সেই ধানৰ নৰাবিলাকত লুকাই চুৰকৈ বহি লৈ মৰণা মৰা, সময়ত কৃষকসকলক অত্যাধিকভাৱে কামুৰি অশান্তিৰ সৃষ্টি কৰে বাবে এই মহবিলাকক খেদিবলৈ এটা সমূহীয়া প্রচেষ্টা চলাই। এই সমূহীয়া প্ৰচেষ্টাটোৱে মহ খেদা কৃষ্টি মহোহো। আজিৰ এই আলোচনা চক্ৰত তেখেতে আৰু কয় যে, যদিও নামনি অসমৰ অন্যান্য জিলাসমূহৰ বিভিন্ন অঞ্চলত মানুহৰ তেজ খোৱা মহ খেদাৰ কথা তেওঁলোকে গোৱা মহোহো গীতসমূহৰ মাজেৰে পৰিস্ফুট হৈছে ইয়াৰ বিপৰীতে কিন্তু বজালীৰ লোক সংস্কৃতিৰ লগত জড়িত লোকসকলে ক’ব বিচাৰে যে ভূটানৰ পাদদেশত থকা প্রাচীন বজালীৰ খেতিপথাৰসমূহলৈ আঘোণমহীয়া পকা ধান খাবলৈ যিবোৰ বনৰীয়া মহ নামি আহে সেইবোৰ খেদিবলৈকে এই মহ খেদা অনুষ্ঠানটো পালন কৰে। এইবেলিৰ জোনাকী মেলত অংশগ্ৰহণ কৰা মেলুৱৈসকলৰ ভিতৰত গীতু তালুকদাৰ, মীনা তালুকদাৰ, অজয় মালাকাৰ, গীতা দেৱী, হীৰা দেৱী, কামিনী মোহন শৰ্মা সমন্বিতে কবিসকলে মহোহোক লৈ লিখা বহুকেইটা কবিতা পাঠ কৰে। মেলৰ আৰম্ভণিতে অসমৰ বিশিষ্ট কথা শিল্পী প্ৰয়াত হোমেন বৰগোহাঞিৰ জন্মদিনৰ লগত সংগতি ৰাখি তেখেতক স্মৰণ কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like