আজি গান্ধী মণ্ডপত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক; গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : এক ব্যতিক্রমী পদক্ষেপেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যিক কেবিনেট সময়ে সময়ে ৰাজধানী চহৰৰ বাহিৰত অনুষ্ঠিত কৰি আহিছে৷ ইতিমধ্যে ধেমাজি, বঙাইগাঁও, ডিফু, শিলচৰ আদি কেইবাখনো চহৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পাছত এইবাৰ দিছপুৰৰ পৰিৱর্তে কেবিনেট বৈঠক অনুষ্ঠিত কৰিব মহানগৰীৰ শৰণীয়া পাহাৰত থকা গান্ধী মণ্ডপত৷ আজি বিয়লি অনুষ্ঠিত হ’বলগীয়া এই কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে গান্ধী মণ্ডপ সজাই–পৰাই তোলা হৈছে৷
উল্লেখ্য যে ১৯৭০ চনত প্রয়াত প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধী আৰু অসমৰ প্রাক্তন মুখ্যমন্ত্রী বিষ্ণুৰাম মেধিয়ে এই গান্ধী মণ্ডপটো উদ্বোধন কৰিছিল৷ ১৯২১ চনত আৰু ১৯৪৬ চনত অসমলৈ আহোঁতে মহাত্মা গান্ধীয়ে শৰণীয়া পাহাৰৰ এই স্থানতে জিৰণি লৈছিল৷ শেহতীয়াকৈ গান্ধী মণ্ডপৰ ঐতিহ্য তথা ইয়াৰ আকর্ষণ বৃদ্ধিৰ লক্ষ্যৰে প্রায় ৩০০ ফুট ওখ এখন ৰাষ্ট্রীয় পতাকা উত্তোলন কৰা হৈছিল যদিও বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে গান্ধী মণ্ডপৰ এই পতাকা আঁতৰাব লগা হয়৷ মুখ্যতঃ গান্ধীৰ স্মৃতি আৰু দর্শন সংৰক্ষিত হৈ থকা শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত আজি অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷