নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯১ সংখ্যক জন্ম দিৱসঃ ২৩গৰাকী সাহিত্যিকলৈ ২০২২ বর্ষৰ সাহিত্যিক পেন্সন

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ :   বিশিষ্ট সাহিত্যিক–সাংবাদিক তথা চিন্তাবিদ হোমেন বৰগোহাঞিৰ কাইলৈ ৯১সংখ্যক জন্ম দিৱস৷ একাধিক সৃষ্টিশীল লেখাৰে অসমীয়া সাহিত্যত অভূতপূর্ব অৱদান আগবঢ়াই যোৱা কথাশিল্পীগৰাকীৰ জন্মদিনটোতে ৰাজ্য চৰকাৰে আগবঢ়াব চলিত বর্ষৰ সাহিত্যিক পেন্সন৷ এই উদ্দেশ্যে আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত উচ্চ শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান৷ ‘কথাশিল্পীলৈ শ্রদ্ধাঞ্জলি’ শীর্ষক এই অনুষ্ঠানত ৰাজ্যত বিভিন্ন প্রান্তৰ ২৩গৰাকী সাহিত্যিকক প্রদান কৰা হ’ব পেন্সন৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্রদান কৰিবলগীয়া সাহিত্যিক পেন্সনৰ বাবে এইবাৰ নির্বাচিত হৈছে কামৰূপ (মঃ)ৰ তৰুণ বর্মন৷ অসমীয়াত লিখা ভিন্ন সময়ৰ অভিন্ন আলাপ গ্রন্থৰ বাবে লাভ কৰিব এই পেন্সন৷ আনহাতে, বড়ো ভাষাত ৰচনা কৰা ‘থিম্প’ ডাবাইনাই নোৱাংনি’ আৰু ‘বড়ো নোৱানিয়াও আগন’ গ্রন্থ দুখনৰ বাবে বাক্সাৰ আনন্দৰাম বাড়িয়ে লাভ কৰিছে এই বর্ষৰ পেন্সন৷ একেদৰে বাংলা ভাষাত ‘ভোৰেৰ সঁচাই ব্রিটিছ দ্বীপপুঞ্জ’ গ্রন্থৰ বাবে কাছাৰৰ আনন্দ কুমাৰ বার্মা, ‘আত্মাৰাম নাকশী কণ্ঠ’ আৰু ‘অন্য এটি ডিনাৰ জন্য’ গ্রন্থ দুখনৰ বাবে হোজাইৰ ৰতিশ দাস, অসমীয়া ভাষাৰ গ্রন্থ ‘মনজিৰি নিৰবধি লংখু পৰাই আতুৰ’ গ্রন্থৰ বাবে কামৰূপ (মঃ)ৰ শৈলেন্দ্র কুমাৰ ভট্টাচার্য, বড়ো ভাষাৰ গ্রন্থ ‘ৰংমিলিনি মিনিনাই চানু গৌৱাৰ আৰু বাইডি চলো’ৰ বাবে কার্বি আংলঙৰ ৰত্নেশ্বৰ নার্জাৰী, অসমীয়া গ্রন্থ ‘নীৰৱ অনুভূতি বৰলুইতৰ পাৰ’ৰ বাবে শোণিতপুৰৰ মনোমতী কুর্মী, অসমীয়া গ্রন্থ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱন আৰু কর্মসাধনা আৰু সাহিত্যৰথী দৃষ্টি কৃপাবৰ বৰুৱা গ্রন্থ দুখনৰ বাবে নগাঁৱৰ পৰাণ কুমাৰ বৰুৱা, অসমীয়া–মণিপুৰী ভাষাত ৰচনা কৰা কেলেণ্ডাৰ ইন অসমীয়া ভাষা (কবিতা) আৰু নংপোকটাগিছু নংপোক ইন লেংগুৱেজ গ্রন্থৰ বাবে হোজাইত শ্রুতি কুমাৰ সিং, প্রতীক্ষা আৰু জোনাকী পৰুৱাৰ পোহৰ গ্রন্থৰ বাবে বজালীৰ ড০ বসন্ত কুমাৰ শর্মা, অসমীয়া–মিচিং ভাষাত ৰচনা কৰা ‘মিচিং বা–নে–কেবাং অতীজৰ ৰেঙণি’, ‘মিচিং সমাজ–সংস্কৃতিৰ ৰূপৰেখা’ গ্রন্থ দুখনৰ বাবে ধেমাজিৰ ড০ বিদ্বেশ্বৰ দলে, ‘সাহিত্য সুৱাস জীৱন সন্ধ্যা’ গ্রন্থৰ বাবে ডিব্রুগড়ৰ ড০ ভাৰতীয় দত্ত, ‘প্রাচীন বৈষম্যৰ ইতিবৃত্ত’ গ্রন্থৰ বাবে গোৱালপাৰাৰ প্রকাশ চন্দ্র ৰাভা, ‘স্বপ্ণ–সত্য বাস্তৱ আলোকিত অন্ধকাৰ’ গ্রন্থৰ বাবে গোলাঘাটৰ নিজৰা বৰঠাকুৰ, ‘টোপনিতে নাংগোলা খোলৰ শব্দ’ আৰু ‘ৰ’দ থকালৈকে দিনৰ ধেমালি’ গ্রন্থ দুখনৰ বাবে কামৰূপ (মঃ)ৰ দেৱপ্রসাদ তালুকদাৰ, ‘পক্ষীলামন বিচিত্র বিজ্ঞান’ গ্রন্থৰ বাবে কামৰূপ (মঃ)ৰ ড০ জয়ন্ত কুমাৰ গোস্বামী, ‘ভক্তি আন্দোলন আৰু অসমত নৱবৈষ্ণৱ ধর্ম’, ‘বীৰেন্দ্র কুমাৰ ভট্টাচার্য আৰু তেখেতৰ উপন্যাস’ গ্রন্থৰ বাবে কামৰূপ (মঃ)ৰ ড০ মলয়া খাউণ্ড, ‘বজালীৰ শব্দ কোষ’ আৰু ‘মহাভাৰতৰ সৰু সৰু কথা–খণ্ড–১’ গ্রন্থৰ বাবে বজালীৰ ধীৰেন্দ্র তালুকদাৰ, ‘কৃষ্ণবতাগ্রামা–(খণ্ড–২)’ ধর্মগ্রন্থৰ বাবে নগাঁৱৰ বিপুল চন্দ্র ভট্টাচার্য, ‘প্রতিভা, অভিজ্ঞতাৰ আধাৰ’ত গ্রন্থৰ বাবে কামৰূপ (মঃ)ৰ শিশিৰ সেনগুপ্তা, ‘জোৱাৰত মোৰ কবিতা’ আৰু ‘হূদয়ৰ বুৰবুৰণি’ গ্রন্থৰ বাবে কার্বি আংলঙৰ পৰী ৰংপী, ‘বিশদ বসন্তৰ সংহাৰ’ গ্রন্থৰ বাবে গোলাঘাটৰ ৰফিকুল হুছেইন আৰু ‘নৱবৈষ্ণৱ ভক্তি আন্দোলন’ আৰু ‘ছয়দুৱাৰত স্বাধীনতা সংগ্রামৰ ইতিবৃত্ত’ গ্রন্থৰ বাবে বিশ্বনাথৰ অচ্যুতানন্দ দেৱগোস্বামীলৈ আগবঢ়োৱা হৈছে এইবছৰৰ পেন্সন৷

অনুষ্ঠিত হ’বলগা কথাশিল্পীলৈ শ্রদ্ধাঞ্জলি শীর্ষক অনুষ্ঠানত শিক্ষামন্ত্রীৰ লগতে শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্ত আৰু বিশিষ্ট লেখক ফণীন্দ্র কুমাৰ দেৱগোস্বামী উপস্থিত থাকিব৷ ইফালে, কথাশিল্পীগৰাকীৰ জন্ম দিৱস উদ্যাপনৰ বাবে আজি গুৱাহাটী প্রেছ ক্লাবত আয়োজন কৰা হৈছে সমন্বয়ৰ দিন৷ গ্রন্থ উন্মোচন আৰু স্মৃতিচাৰণ অনুষ্ঠানেৰে অনুষ্ঠিত হ’বলগীয়া সমন্বয়ৰ দিনৰ উদ্যোক্তা হ’ল চৰ–চাপৰি অসমীয়া সমাজ৷ আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে এক বত্তৃণতানুষ্ঠানৰ৷ ‘হোমেন বৰগোহাঞিজ ফিক্সন এজ এ ভেহিকল অৱ হিজ আইডিয়াজ’ শীর্ষক বক্তৃতা প্রদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক গোবিন্দ প্রসাদ শর্মাই৷ ফণীন্দ্র দত্ত প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈ উপস্থিত থাকিব৷ আনহাতে, কটন বিশ্ববিদ্যালয়তো বিশিষ্ট সাহিত্যিকগৰাকীৰ জন্ম দিৱসত আয়োজন কৰা হৈছে বত্তৃণতানুষ্ঠানৰ৷

You might also like