নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱালৈ সুখবৰ: মার্চৰ পূর্বে প্রকাশ পাব পুনৰ ৩০ হাজাৰ চাকৰিৰ বিজ্ঞাপন

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ :  ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ বাবে এক সুখবৰ৷ অহা মার্চ মাহৰ পূর্বে পুনৰ ৩০ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্রকাশ পাব৷ মঙলবাৰে নলবাৰীত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নলবাৰীৰ সৰিয়হতলীৰ নলবাৰী জিলা ক্রীড়া প্রকল্পত আয়োজিত ‘বিকাশৰ বাবে এটা পষেক’ৰ কার্যসূচীত অংশগ্রহণ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা বিধানসভা নির্বাচনৰ সময়ত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল৷ সেই সময়ত বহুত কম মানুহে সেই কথা বিশ্বাস কৰিছিল৷ কিন্তু ইতিমধ্যে ৪০ হাজাৰক নিযুক্তি দিয়া হৈ গ’ল৷ ৩০ হাজাৰৰ নিযুক্তি অহা ৬০ দিনৰ ভিতৰত সম্পূর্ণ কৰিব পৰা যাব৷ নতুনকৈ ৩০ হাজাৰ চাকৰিৰ বিজ্ঞাপন অহা মার্চ মাহৰ আগতে মুকলি কৰি দিয়া হ’ব৷ ইয়াৰ লগে লগে এক লাখ নিযুক্তিৰ প্রতিশ্রুতি পালন সম্পূর্ণ হ’ব বা প্রতিশ্রুতি পালনৰ দিশে চৰকাৰ অগ্রসৰ হ’ব৷

You might also like