নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জননেতা ভীমবৰ দেউৰীক মৰণোত্তৰভাৱে বেংমৰা সমন্বয় বঁটা

চাবুৱাত মটক যুৱ–ছাত্র সন্মিলনৰ প্রতিষ্ঠা দিৱসত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ মহাপুৰুষ শ্রীশ্রীনিৰুদ্ধদেৱৰ আদর্শৰে পৰিচালিত মটক সমাজ৷ মটক ৰজা স্বর্গদেউ সর্বানন্দ সিংহৰ আদর্শৰে মটকৰ সমাজ জীৱন আগুৱাই গৈছে৷ নতুন প্রজন্মই সর্বানন্দ সিংহৰ জীৱন দর্শনৰ বিষয়ে অধ্যয়ন কৰিব লাগিব৷ লগতে আমাৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে প্রতিটো জাতি–জনগোষ্ঠীৰ লোকে কাম কৰিব লাগিব৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ বুধবাৰে সদৌ অসম মটক যুৱ–ছাত্র সন্মিলনৰ ৮০সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি চাবুৱাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে মটক জনগোষ্ঠীক শক্তিশালী কৰিব বাবে আমি সকলোৱে কাম কৰিব লাগিব৷ ভক্তিভাৱেৰে কাম কৰিলে সকলো কাম সম্ভৱ হৈ পৰে৷ ভাষণ প্রসংগত তেওঁ চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ পূর্বে তেওঁ ত্রিনয়ন জ্যোতি সংঘৰ খেলপথাৰ উন্নয়নৰ বাবে ২০ লাখ টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে৷ প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম মটক যুৱ–ছাত্র সন্মিলনৰ কেন্দ্রীয় সমিতিৰ সভাপতি ডেভিদ চেতিয়াই৷

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে ক্রমে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, শ্রমমন্ত্রী সঞ্জয় কিষাণ, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, প্রাক্তন আছু নেতা পুলক গোহাঁই, অসম হাইড্র’কার্বন আৰু শক্তি কোম্পানীৰ অধ্যক্ষ পোনাকণ বৰুৱাই৷ ইয়াৰ পিছতেই উক্ত অনুষ্ঠানতে জননেতা প্রয়াত ভীমবৰ দেউৰীক মৰণোত্তৰভাৱে ‘২০২০ বর্ষৰ বেংমৰা সমন্বয় বঁটা’ প্রদান কৰা হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হাতৰ পৰা এই বঁটা গ্রহণ কৰে প্রয়াত ভীমবৰ দেউৰীৰ নাতি মনোজ দেউৰীয়ে৷ তদুপৰি অনুষ্ঠানত বৃহত্তৰ চাবুৱা অঞ্চলৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে ক্রমে খ্যাতনামা প্রকৃতিবিদ কিৰণ গগৈ, বিশিষ্ট কুটীৰ শিল্প মালিয়া গগৈ, শিল্পী পেন্সনাৰ হেমন কোঁৱৰ, প্রাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ তথা প্রশিক্ষক দেৱজিৎ শর্মা, জ্যেষ্ঠ সাংবাদিক প্রফুল্ল শর্মা, কৃতী শিক্ষক নৰেশ্বৰ বৰুৱা, বিশিষ্ট নাট্যকাৰ তথা চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ দিগন্ত দত্ত, আদর্শ খেতিয়ক ফুলেশ্বৰ গগৈ, তিনিচুকীয়া চক্র বিষয়া ড০ সঞ্জীৱ ফুকন, ওজা নৰেন্দ্র ৰাজখোৱা, ভাস্কর্য শিল্পী ৰাজু ফুকন আৰু ত্রিনয়ন জ্যোতি সংঘৰ প্রতিষ্ঠাপক সদস্য উৎপল বডাক সম্বর্ধনা জনোৱা হয়৷

ইফালে, ৰাজ্যখনৰ ক্রীড়া আন্তঃগাঁথনি শক্তিশালীকৰণৰ অন্যতম পদক্ষেপ হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি চাবুৱাৰ দেওধাইত চাবুৱা ক্রীডা সন্থাৰ ষ্টেডিয়াম আৰু চাবুৱা ইনড’ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে ২০১৮–১৯ বর্ষৰ ছিগনেচাৰ প্রকল্পৰ অধীনত প্রায় ৯.৮৮ কোটি টকা ব্যয়েৰে চাবুৱা ক্রীডা সন্থাৰ ষ্টেডিয়াম আৰু ৰাজ্য চৰকাৰৰ স্ব–গ্রাধিকাৰ পুঁজিৰ অধীনত ২.৩৩ কোটি টকা ব্যয়েৰে চাবুৱা ইনড’ৰ ষ্টেডিয়াম নির্মাণ কৰা হ’ব৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ সার্বজনীন নীতি সাৰোগত কৰি বর্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ২০১৬ চনৰ পৰা বিগত চাৰে চাৰি বছৰে ৰাজ্যখনৰ সর্বাংগীণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ স্বাধীনতাৰ পিছৰে পৰা সৰহভাগ সময় কংগ্রেছ দলটো ৰাজ্যৰ শাসনত আছিল যদিও তেওঁলোকে বিভাজনৰ নীতিৰে সমাজখন দুর্বল কৰাৰ কু–ভিসন্ধি ৰচিছিল৷ কিন্তু আমাৰ চৰকাৰে চাওলুং চুকাফাৰ বৰসম গঢ়াৰ নীতিৰে ৰাজ্যখনৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু সুদৃঢ় কৰি তুলিছে৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে বিভিন্ন উন্নয়নমূলক পদক্ষেপেৰে ৰাজ্যখনৰ সামগ্রিক প্রতিচ্ছবি সলনি কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে যি প্রতিশ্রুতিৰে শাসনত অধিষ্ঠিত হৈছিল, সেই প্রতিশ্রুতি ৰূপায়ণৰ বাবে দৃঢ়তাৰে কাম কৰি এখন আত্মনির্ভৰশীল অসম গঢ়াৰ দিশত শক্তিশালী পদক্ষেপ লৈ আহিছে৷ খিলঞ্জীয়াৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত নহ’লে জাতিৰ অস্তিত্ব নাথাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে সেই উদ্দেশ্য আগত ৰাখিয়েই বর্তমানৰ চৰকাৰখনে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা আৰু অনুমোদন–পত্র বিতৰণৰ দৰে দূৰদর্শী আঁচনি লৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ এই আঁচনি কেৱল নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কৰা আঁচনি নহয় বুলি উল্লেখ কৰি জাতিক স্থায়ী নিৰাপত্তা প্রদানৰ বাবেহে এনেধৰণৰ বলিষ্ঠ পদক্ষেপ বর্তমানৰ ৰাজ্য চৰকাৰখনে লৈছে বুলিও তেওঁ দোহাৰে৷

You might also like