নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাই লাভ কৰিব দীর্ঘ দূৰত্বভেদী ৰীপাৰ ড্রোন

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ আমেৰিকা আৰু ভাৰতৰ মাজত বৈদেশিক তথা প্রতিৰক্ষামন্ত্রীৰ +২ সন্মিলন অনুষ্ঠিত হোৱাৰ সময়ত গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰ কৰিছে দুয়োখন দেশে৷ দেশ দুখনৰ এই সন্মিলনৰ পিছতে ভাৰতে আমেৰিকাৰ পৰা দীর্ঘ দূৰত্বভেদী সশস্ত্র ড্রোন ক্রয়ৰ সুযোগ লাভ কৰিছে বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰিছে৷

উল্লেখনীয় যে পৰহি দুয়োখন দেশৰ মাজত বি ই চি এ চুক্তি স্বাক্ষৰ হৈছিল৷ এই চুক্তি অনুসৰি ৰীপাৰ অথবা প্রিডেটৰ ড্রোন ক্রয় কৰিব পাৰিব ভাৰতে৷ এই দীর্ঘ দূৰত্ব ভেদী সশস্ত্র ড্রোনৰ জৰিয়তে ভাৰতে স্থলভাগত অথবা সমুদ্রত শত্রুৰ ওপৰত আঘাত হানিবলৈ সক্ষম হ’ব৷ স্মর্তব্য যে সশস্ত্র বাহিনীয়ে আমেৰিকাৰ পৰা ৩০খন হাণ্টাৰকিলাৰ ছী গার্জিয়ান অথবা এম কিউ–৯ ৰীপাৰ ড্রোন ক্রয়ৰ বাবে প্রস্তাৱ আগবঢ়াই আহিছে৷

লক্ষণীয়ভাৱে এই এম কিউ–৯ ৰীপাৰ ড্রোন ক্রয়ৰ ক্ষেত্রত ভাৰতৰ খৰচ হ’ব ৩০০ কোটি ডলাৰ৷ চীনৰ সৈতে দেশখনৰ সামৰিক সংঘাত চলি থকাৰ বাবে সশস্ত্র বাহিনীয়ে এই ড্রোন ক্রয়ৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰি আহিছে৷ কিন্তু বৃহৎ ধনৰাশিৰে এই ড্রোন ক্রয় কৰাটো ভাৰতৰ বাবে এক সমস্যা হিচাপে পৰিগণিত হ’ব৷ তথাপি প্রাৰম্ভিক পর্যায়ত ৬খন এনে ড্রোন ক্রয় কৰিব লাগে বুলি তিনিওটা সশস্ত্র বাহিনীয়ে উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে সুউচ্চ পর্বত শৃংগত এই ড্রোন যুদ্ধৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়৷ ইয়াৰ উপৰি এই ড্রোনৰ আছে দীর্ঘ দূৰত্ব অতিক্রম কৰাৰ ক্ষমতা৷ বিশেষকৈ চীন আৰু পাকিস্তানৰ বিৰুদ্ধে সীমান্তৰ যুদ্ধত এই ড্রোনে সেনা শক্তি অধিক বৃদ্ধি কৰিব পাৰে বুলি নিৰাপত্তা বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছে৷ কিন্তু অনাগত দিনতহে এই সন্দর্ভত চৰকাৰৰ স্থিতি স্পষ্ট হ’ব৷

You might also like