নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সঞ্জীত কৃষ্ণ দিবন ডেকাসহ ১৩জনৰ জামিন আবেদন দাখিল

এছ আই কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণসহ মুঠ ১৩গৰাকী অভিযুক্তই জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণই চিআইডিত ৰুজু হৈ থকা ২১/২০২০ নম্বৰৰ গোচৰত জামিন বিচাৰিছে৷ একেটা গোচৰত দেৱজিৎ দাস, তাৰিণীকান্ত বাণিক্য, দিলীপ গগৈ, হীৰকজ্যোতি বৰুৱা, মৃণাল কুমাৰ নাথ, প্রিয়নাথ গগৈ, মহম্মদ আনোৱাৰ আলী, প্রদীপ মজুমদাৰেও জামিন বিচাৰি আবেদন দাখিল কৰিছে৷ ইফালে, জামিন বিচাৰি উচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে থেংক ইউ লজৰ স্বত্বাধিকাৰী অলকেশ বৈশ্যই৷ ইতিমধ্যে তেওঁৰ জামিন নাকচ কৰিছে ন্যায়ালয়ে৷ ক্রাইম ব্রাঞ্চত ৰুজু হৈ থকা ১৮/২০২০ নম্বৰ গোচৰত জামিন বিচাৰিছিল বৈশ্যই৷ ক্রাইম ব্রাঞ্চৰ গোচৰটোত জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে যোগমায়া ব্রহ্ম আৰু বিমল থাপাও৷ শীঘ্রে এই আবেদনসমূহৰ শুনানি গ্রহণ কৰাৰ সম্ভাৱনা আছে ন্যায়ালয়ে৷ উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিত প্রাক্তন ডিআইজি পি কে দত্ত, বিজেপি নেতা দিবন ডেকা, প্রাক্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণকে ধৰি বহুসংখ্যক লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইফালে, বিজেপি নেতা দিবন ডেকাই তেওঁৰ বিৰুদ্ধে চি আই ডি আৰু ক্রাইম ব্রাঞ্চত ৰুজু হৈ থকা গোচৰত নিম্ন আদালতত জামিন আবেদন দাখিল কৰিছে৷

You might also like