Cachar News : কাছাৰৰ কাটিগড়াত পুনৰ আটক কৰা হৈছে দুই ৰহিংগা যুৱতী। কাটিগড়া হিলাৰা ৰেল ষ্টেচনৰ পৰা আটক কৰা হৈছে ৰহিংগা যুৱতীদ্বয়ক। লগতে আটক কৰা হৈছে স্থানীয় এজন দালাল।
যোৱা কেইদিন ধৰি কাছাৰৰ কাটিগড়াত ইজনৰ পাছত সিজন ৰহিংগা নাগৰিক আটক হৈছে। ভাৰতৰ পৰা বাংলাদেশত পাৰ হোৱাৰ সময়ত আটক কৰা হৈছে ৰহিংগা নাগৰিকসকলক। পিছে এইবাৰ বাংলাদেশত পাৰ হোৱাৰ সময়ত নহয় বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীলৈ যোৱাৰ সময়ত দুই ৰহিংগা যুৱতীক কাটিগড়া হিলাৰা ৰেল ষ্টেচনৰ পৰা আটক কৰিছে স্থানীয় ৰাইজে। ৰহিংগা দুই যুৱতীক ৰাইজে আটক কৰাৰ পাছত আৰক্ষীৰ হাতত গতাই দিয়ে।
ইপিনে ধৃত দুই ৰহিংগা যুৱতীয়ে জানিবলৈ দিয়া মতে এমাহ পূৰ্বে তেওঁলোক ত্ৰিপুৰা ভাৰত বাংলা সীমান্তইদি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰি ত্ৰিপুৰাৰ পৰা কাছাৰত আহি কাছাৰৰ গুমৰা চণ্ডীপুৰত ৰামচন্দ্ৰ বৈষ্ণৱ নামৰ এজন লোকৰ ঘৰত দুই দিন আছিল।
যোৱাকালি তেওঁলোক ৰামচন্দ্ৰ বৈষ্ণৱৰ ঘৰৰ পৰা গুৱাহাটীলৈ যোৱাৰ উদ্দেশ্যে কাটিগড়া হিলাৰা ৰেল ষ্টেচনত উপস্থিত হয়। আৰু তাতে আটক কৰা হয় ৰহিংগা যুৱতীদ্বয়ক। আনহাতে ধৃত দুই ৰহিংগা যুৱতীৰ ভাষ্য মতে গুমৰা চণ্ডীপুৰত ৰামচন্দ্ৰ বৈষ্ণৱকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰামচন্দ্ৰ বৈষ্ণৱ বাংলাদেশী আৰু ৰহিংগাসকলক সীমান্ত পাৰাপাৰত দালাল হিচাপে কাম কৰে বুলি জানিব পৰা গৈছে।
Niyomiya Barta Desk, 24 August