নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

East Zone Yoga : নগৰবেৰাৰ মৃগেশ ঠাকুৰীয়াৰ স্বৰ্ণ পদক, উলাহৰ বন্যা

East Zone Yoga : তেজপুৰৰ দিল্লী পাব্লিক স্কুলত যোৱা (২০-২৩ আগষ্ট) অনুষ্ঠিত ইষ্ট জ’ন (ভুবনেশ্বৰৰ পৰা নৰ্থ-ইষ্ট লৈ)অনুষ্ঠিত চিবিএছই স্কুল পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত নগৰবেৰা পিজুপাৰাৰ মৃগেশ ঠাকুৰীয়াই পশ্চিমবঙ্গৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই চুড়ান্ত খেলত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আগন্তুক ছেপ্টেম্বৰ মাহত ক্ৰমে কেৰেলা আৰু হাৰিয়ানা (কৰ্ণল)ত অনুষ্ঠিত হ’বলগীয়া দুখনকৈ ৰাষ্টিয় প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব মৃগেশ ঠাকুৰীয়াই। উক্ত প্ৰতিযোগিতা দুখনক লৈ পূৰ্ণ প্ৰস্তুতি, অনুশীলন অব্যাহত ৰাখিছে তেওঁ।

মৃগেশ ঠাকুৰীয়াৰ পিতৃগৃহ কামৰূপৰ নগৰবেৰাৰ পিজুপাৰা আৰু সম্প্ৰতি তেওঁ মহৰ্ষি বিদ্যামন্দিৰ (গুৱাহাটী)ৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ।

সকলোৱে ছাত্ৰগৰাকীৰ উজ্জল ভৱিষ্যত কামনা কৰাৰ উপৰি এনে কৃতিত্বৰ খৱৰে বৃহত্তৰ নগৰবেৰা অঞ্চলত উলাহৰ বন্যা নমাইছে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ আগষ্ট

You might also like