নিয়মীয়া বাৰ্তা, ২৭ মেঃ কামৰূপ জিলাৰ ছয়গাঁৱৰ কলহী নৈত তীব্ৰ গৰাখহনীয়া অব্যাহত আছে ৷ নৈৰ বুকুত জাহ গ’ল ছয়গাঁৱৰ পৰা বালাসিদ্ধিলৈ যোৱা পথ ৷ আনহাতে নৈখনৰ পাৰেদি ছয়গাঁৱৰ ঘাইপথৰ শিৱমন্দিৰৰ পৰা শিংখাট হৈ কেইবাঠাইলৈ যোৱা ব্লক ফেভাৰৰ পথটোৰো খহনীয়াৰ ফলত প্ৰায় ৫০ মিটাৰ অংশ নৈৰ বুকুত জাহ যায় ৷ উল্লেখযোগ্য যে ২০১৭ চনত প্ৰায় ৪৯ লাখ টকা ব্যয় সাপেক্ষে পথটোৰ নৈৰপাৰৰ অংশৰ প্ৰায় দুশ মিটাৰ জিঅ’ বেগ প্ৰয়োগৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিছিল ৷ পঞ্চায়তৰ জৰিয়তে হোৱা এই গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়ণত দুৰ্নীতি হোৱাৰ বাবে আজি উক্ত অঞ্চল নৈৰ গৰাখহনীত উটি গ’ল ৷ উটি গ’ল বিভাগৰ ৪৯ লাখ টকীয়া আঁচনি ৷ কিন্ত এই মুহুৰ্তলৈকে জলসম্পদ বিভাগে এই গৰাখহনীয়া সন্দৰ্ভত বিশেষ গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে বালাসিদ্ধি গোঁসাইপাৰা গাঁৱৰ কেইবাঠাইতো যোৱা ২০১৮ চনৰ পৰা কলহী নৈৰ তীব্ৰ গৰাখহনীয়া চলি আছে যদিও আজিলৈকে জলসম্পদ বিভাগে উক্ত অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাইজে অভিযোগ কৰিছে ৷ ইফালে বিগত তিনিমাহ মানৰ পৰা গোসাঁইপাৰাত গৰাখহনীয়া চলি থকাৰ ফলত বৃহৎ অংশ নৈৰ বুকুত জাহ যোৱাৰ লগতে একমাত্ৰ যাতায়তৰ পথটোও নৈৰ বুকুত জাহ যায় ৷ অঞ্চলটোত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত ভয় শংকাত দিন কটোৱা ৰাইজে অৱশেষত আজি নিজে গৰাখহনীয়া প্ৰতিৰোধৰ কামত হাতে কামে লাগি পৰে ৷ আজি গাঁওখনৰ ৰাইজে ঘৰে ঘৰে বাঁহ তুলি সকলোৱে শ্ৰমদানেৰে বাঁহ পুতি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখে ৷ আনহাতে বালাসিদ্ধৰ বিভিন্ন এলেকাৰ লগতে বাতাপাৰা আদি অঞ্চলৰ কলহী নৈৰ কেইবাঠাইতো গৰাখহনীয়া অব্যাহত আছে যদিও বৰ্তমানলৈকে উক্ত অঞ্চল সমূহত জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷
Prev Post
Next Post
You might also like