নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীত অগপ প্ৰাৰ্থী দীপক দাসৰ হকে নিৰ্বাচনী প্ৰচাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ 

বাংলাদেশীৰ লগত অসমীয়াক একাকাৰ কৰিব বিচৰা গৌৰৱ গগৈৰ বৰ অসম আমাক নালাগে।স্বৰ্গদেউ চাওঁলুং চুকাফাই গঢ়ি যোৱা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গঢ়ি বৰ অসমখন হে আমাক লাগে। আজি সৰ্থেবাৰীত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লাচিতৰ লগত অস্তিত্বহীন বাঘ হাজৰিকা কেনেকৈ থাকিব। শ্ৰীমন্ত শংকৰদেৱৰ লগত মাধব দেব থাকিব। শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰ কেতিয়া আছিল। আমাৰ সত্ৰ মন্দিৰ নামঘৰ আমাৰ লৰা ছোৱালীক বিসৰ্জন দিয়া বৰ অসম আমাক নালাগে বু্লি কোৱাৰ লগতে গৌৰৱ গগৈকে ধৰি কংগ্ৰেছী সকলক ধৰি ধৰি পাকিস্তান বাংলাদেশলৈ পঠিয়াব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে।

একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ মনোনয়ন বাতিল হোৱাত বেয়া পোৱা বুলিও মন্তব্য প্ৰকাশ কৰে। আনহাতে বৰপেটা মেডিকেল কলেজৰ নাম গৌৰব গগৈয়ে সাতবাৰ জনম ললেও সলাব নোৱাৰিব বুলিও মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে আজি ২৪ নং বৰপেটা বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ দীপক দাসৰ হকে সৰ্থেবাৰীত নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই। হেলিকপ্তাৰৰ  জৰিয়তে পুৱা ন বজাত সৰ্থেবাৰীত উপস্থিত হৈ প্ৰচাৰ সভাত অংশ লোৱাৰ পুৰ্বে সৰ্থেবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীজগন্নাথ বিগ্ৰহ মন্দিৰত সোমাই পূজা অৰ্চনা কৰি সৰ্থেবাৰী পাঁচখেল গঞাগয়ৰহৰ নেতৃত্বৰ লগত এক ঘন্টা সময় মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে।

এই মত বিনিময় কালত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।তাৰ পিছতেই দহ সহস্ৰাধিক লোক উপস্থিত থকা বিজয় সংকল্প সভাত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

ইপিনে দীপক দাসৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই বিজয় সংকল্প সভাত ভাষণ প্ৰদান  কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তিনি মাহ আগতে দীপক দাসে বিজেপিত যোগদান কৰিব বিছাৰিছিল যদিও দীপক দাসক মই অগপলৈ পঠাইছিলোঁ।

দীপক দাস মোৰ বাল্যকালৰ বন্ধু বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অগপ আৰু বিজেপি মানে বুন্দিয়া ভূজিয়া বুলি মন্তব্য কৰাৰ লগতে চাহকাপ বিজেপি হলে অগপ চেনী বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে বিজেপিৰে কাৰ্যকৰ্তা দুগৰাকী নিৰ্দলীয় হৈ মনোনয়ন দাখিল কৰাক লৈ মুখ্যমন্ত্ৰীয়ে কলে কোনো নিৰ্দলীয়ক বিজেপিয়ে সমৰ্থন কৰা নাই।

ইপিনে অতি পুৰণি চহৰ সৰ্থেবাৰী বহুত পিছপৰি আছে বুলি মন্তব্য কৰি দীপক দাসে সৰ্থেবাৰীৰ কাম কৰাৰ গেৰাণ্টি মুখ্যমন্ত্ৰীয়ে নিজেই লোৱা বুলিও মন্তব্য কৰে। কংগ্ৰেছৰ মনোনয়ন বাতিল হোৱাৰ পিছত বৰপেটাত গলকিপাৰ নোহোৱা হল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় এইবাৰ বৰপেটাত বিপুল সংখ্যক ভোটত অগপ প্ৰাৰ্থী দীপক দাসৰ জয়লাভ হব।একেদৰে বেদখলকাৰীক এটা এটাকৈ খেদিম বুলি কোৱাৰ লগতে যোৱাবাৰ কামিহাড় ভাঙিছিলোঁ এইবাৰ ৰাজহাড় ভাঙিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ কথা মতেই বৰপেটাৰ মেডিকেল কলেজৰ ফখৰুদ্দিন আলী আহমেদৰ নাম কৰ্তন কৰিছোঁ বুলিও মন্তব্য  কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ দাদাগিৰি অসমত নচলিব, কংগ্ৰেছে এটা এটাকৈ বাংলাদেশী আনি অসম খন ধ্বংস কৰিছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে বাঘবৰ মন্দিয়াত যি কয় কওঁক কিন্ত জীৱনত বৰপেটা মেডিকেলৰ নাম পুনৰ সলনি হৱ নোৱাৰে বুলিও মন্তব্য কৰে।

অসমীয়া মানুহক ৰঙা চকু দেখুওৱা দিন গল।এতিয়া ৰঙা চকু দেখুৱালে চকু উভালি আনিম বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। যোৱাবাৰ অসমত এক লাখ চাকৰি দিম বুলি একলাখ পষষ্ঠি হাজাৰক চাকৰি দিলোঁ বুলি কোৱাৰ লগতে আজি তামোল এখনো নোখোৱাকৈ চাকৰি দিয়া হল আৰু এইবাৰ চৰকাৰ হলে ২ লাখ ল’ৰা ছোৱালীক চৰকাৰী চাকৰি দিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অহাবাৰ চৰকাৰ হলে মহিলা সকলক ২৫ হাজাৰ টকাকৈ দিয়া হ’ব আৰু নতুনকৈ আৰু পোন্ধৰ লাখ মহিলাক অৰুণোদই আঁচনি দিয়া হব আৰু বৰপেটাত নতুনকৈ দহ হাজাৰক অৰুণোদয় দিয়া হ’ব বুলিও ব্যক্ত কৰে ড০ শৰ্মাই।

এইবাৰ লৰা ছোৱালীৰ নিযুত মাইনা নিযুত বাবু আঁচনিৰ ধন বৃদ্ধি কৰি লৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব মই লম বুলিও মন্তব্য মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে এইবাৰ বেংকৰ ঋণ নোলোৱাকৈ দহ লাখ লৰা ছোৱালীক দুই লাখ টকাকৈ দিয়া হ’ব আৰু অকল বৰপেটাতে দহ হাজাৰ লৰা ছোৱালীক দুই লাখ টকা দিয়া হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে।ইপিনে বহিৰাগত লোকে আমাৰ জলাশয়,সংৰক্ষিত ভূমি দখল কৰি কৰি আমাকে ৰঙা চকু দেখুৱাইছিল।আৰু তেওঁলোকক বাধা দিলে ৰকিবুল আহে হিতেশ্বৰ শইকীয়া আহে বুলি মন্তব্য কৰি এতিয়া ৰকিবুলৰ দিন নচলিব এতিয়া অসমত বিজেপিৰ মুখ্যমন্ত্ৰীৰ দিন চলিব বুলিও মন্তব্য প্ৰকাশ কৰে।

বেদখল উচ্ছেদ কৰোতে আমাক ভয় খুৱাইছিল আমি ভয় নাখাওঁ।বৰপেটাৰ লগতে সৰ্থেবাৰীৰ সকলো বেদখল কৰা মাটি বেদখলমুক্ত কৰিম বুলি কোৱাৰ লগতে অহাবাৰ পাঁচলাখ বিঘা মাটি বেদখলমুক্ত কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীত ঈদৰ সময়ত ৫৫ হাজাৰ কেজি গো মাংস কটা হৈছিল। এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল কিন্ত এতিয়া সেই পৰিবেশ নাই বুলি কোৱাৰ  লগতে এক হো টো চেফ হো নীতিৰে আমি একলগ হৈ থাকিব লাগিব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।তেতিয়াহে জাতিটো সুৰক্ষিত হ’ব বুলি মন্তব্য কৰি অসমীয়া জাতি জীয়াই ৰখাৰ বাবে ভোট দিব লাগিব বুলি মন্তব্য কৰে।

আমাৰ মাটি ৰুটি বেটি বচাই ৰাখিবলৈ ভোট দিব লাগিব বুলি মন্তব্য কৰি বিজেপিৰ চৰকাৰ আছে বাবেহে আমি সুৰক্ষিত হৈ আছোঁ কংগ্ৰেছৰ চৰকাৰ হলে আমাৰ কাষত থকা লোকে বুকুতে কামুৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অসমীয়া মানুহক চুমা নাখায়, লাভ জেহাদৰ বলী হোৱা অসমীয়া জীয়াৰী বোৱাৰীক চুমা নাখায় বেদখলকাৰীক উচ্ছেদ কৰিলে চুমা খায় বুলি অখিল গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে।

ইপিনে  বাপুজী কলেজত বিজ্ঞান শাখা খোলাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সৰ্থেবাৰীত আগন্তক দিনত কেবিনেটৰ সভা এখন অনুস্থিত কৰাৰ বাবেও  প্ৰতিশ্ৰুতি প্ৰদান কৰে। সৰ্থেবাৰীৰ লগত ৰেল লাইন সংযোজন কৰাৰ ব্যৱস্থা কৰা হব বুলিও মন্তব্য কৰে  মুখ্যমন্ত্ৰীয়ে।ইপিনে ছিংগাপুৰ চৰকাৰক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সম্পৰ্কত তথ্য আদান প্ৰদান নকৰা সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰি সেয়া সঠিক সিদ্ধান্তই আছিল বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীক আজি ভোৰতাল বটা শৰাই আদিৰ লগতে এদাল বৃহৎ ফুলৰ মালাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাৰ আৰম্ভণিতেই আদৰণি ভাষণ প্ৰদান কৰি অগপ প্ৰাৰ্থী দিপক দাসে সৰ্থেবাৰী অঞ্চলৰ দুৰ্দশাৰ কথা ব্যক্ত কৰি আগন্তুক দিনত সৰ্থেবাৰীক নকৈ গঢ়িবলৈ প্ৰয়াস কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ২৬ মাৰ্চ

You might also like