ৰন্ধন গেছৰ সমস্যাই ৰাইজক জুৰুলা কৰি তোলাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি পেট্র’ল–ডিজেলৰ নাটনিক লৈ সৃষ্টি হোৱা উৰাবাতৰিয়ে ৰাইজক পুনৰ বিভ্রান্ত কৰি তুলিছে৷ ৰাজ্যত পর্যাপ্ত পৰিমাণে ইন্ধন মজুত থকাৰ পাছতো একাংশই মধ্যপ্রাচ্যৰ যুদ্ধৰ অজুহাত লৈ পেট্র’ল–ডিজেলৰ নাটনি হোৱাৰ উৰাবাতৰি বিয়পোৱাৰ পাছতে আজি এই সন্দর্ভত স্থিতি স্পষ্ট কৰিছে ৰাজ্য চৰকাৰে৷
এক্স হেণ্ডেলযোগে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই কয় যে পেট্র’ল–ডিজেলৰ যোগানক লৈ ৰাজ্যত চলি থকা বিতর্ক কোনো কাৰণতেই গ্রহণযোগ্য নহয়৷ ৰাজ্যৰ চাৰিওটা শোধনাগাৰত উৎপাদন হোৱা পেট্র’ল–ডিজেলৰ ভিতৰত মাহেকত মাথোঁ ২৭ শতাংশহে খৰচ হয়৷ বাকী ৭৩ শতাংশ জমা হিচাপে থাকি যায়৷
মাহেকত ৰাজ্যৰ চাৰিওটা শোধনাগাৰত উৎপাদিত পেট্র’ল–ডিজেলৰ পৰিমাণৰ বিষয়ে সদৰী কৰিছে চৰকাৰে৷ এই অনুসৰি গুৱাহাটী, ডিগবৈ, বঙাইগাঁও আৰু নুমলীগড় শোধনাগাৰত মাহেকত গড়ে ১৬৮ হাজাৰ মেট্রিক টন পেট্র’ল উৎপাদন হোৱাৰ লগতে ৪০৩ হাজাৰ মেট্রিক টন ডিজেল উৎপাদন হয়৷
উৎপাদিত পেট্র’ল–ডিজেলৰ ভিতৰত ৰাজ্যত মাহেকত গড়ে ৬৩ হাজাৰ মেট্রিক টন পেট্র’ল ব্যৱহাৰ হোৱাৰ লগতে ৯২ হাজাৰ মেট্রিক টন ডিজেল ব্যৱহাৰ হৈ আছে৷ ১০০ হাজাৰ মেট্রিক টন পেট্র’ল মাহেকত জমা থকাৰ লগতে ৩১১ হাজাৰ মেট্রিক টন ডিজেল জমা আছে৷
গতিকে ৰাইজে কোনো কাৰণতে ইন্ধনক লৈ আতংকিত হোৱাৰ প্রয়োজন নাই৷ ইয়াৰ পাছতো যদি উৰাবাতৰিত বিশ্বাস কৰি অবৈধভাৱে পেট্র’ল–ডিজেল মজুতকৰণৰ বাবে কোনোবাই চেষ্টা কৰে তেন্তে তেনে লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্রহণৰ হুংকাৰ দিছে ৰাজ্য চৰকাৰে৷
এনে অসাধু লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২৮৫নং ধাৰাৰ লগতে পেট্র’লিয়াম আইন–১৯৩৪ আৰু বিস্ফোৰক আইন–১৮৮৪ৰ অধীনত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সকীয়নি দিছে চৰকাৰে৷
ইপিনে গুৱাহাটী মহানগৰীতো পেট্র’ল–ডিজেলৰ নাটনিক লৈ বহুলচর্চিত উৰাবাতৰিৰ পাছত আজি এই সন্দর্ভত স্থিতি স্পষ্ট কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পালে৷ তেওঁ কয় যে গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাত পেট্র’ল–ডিজেলৰ নাটনি হোৱাটো অমূলক৷
আজিতো বাদেই, ভৱিষ্যতলৈও জিলাখনত পেট্র’ল–ডিজেলৰ নাটনি কোনো কাৰণতে নহয়৷ আজিৰ তাৰিখত আই অ’ চি এলৰ বেতকুছি টার্মিনেলত ৪৫ লাখ লিটাৰ পেট্র’ল, ৬৫ লাখ লিটাৰ ডিজেল মজুত আছে৷ একেদৰে বেতকুছিত থকা এইচ পি চি এলৰ টার্মিনেলত ৪ লাখ লিটাৰ পেট্র’ল, ১৮ লাখ লিটাৰ ডিজেল মজুত আছে৷
তেনেদৰে নুমলীগড় শোধনাগাৰ টার্মিনেলত ২৫ লাখ লিটাৰ পেট্র’ল আৰু ১.৬ কোটি লিটাৰ ডিজেল মজুত আছে৷ পেট্র’ল–ডিজেলৰ নাটনিক লৈ কোনো কাৰণতে ৰাইজ আতংকিত হোৱাৰ প্রয়োজন নাই৷ উৰাবাতৰিত বিশ্বাস নকৰি সুস্থিৰভাৱে চৰকাৰ তথা প্রশাসনক সহযোগ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনাইছে৷
ভাৰতীয় তেল নিগমৰ মুখ্য মহাপ্রবন্ধক অমৰজ্যোতি বৰদলৈ আৰু ৰাজ্যিক খুচুৰা বিক্রীৰ মুৰব্বী বিষয়া অংশু মৌদগিলেও সংবাদ মেলত অংশ লৈ ৰাইজক উৰাবাতৰিত বিশ্বাস নকৰি সংযমীভাৱে সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনায়৷
ডিজিটেল ডেস্ক, ২৬ মার্চ