নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী আচৰণবিধি বলৱৎঃ হস্ততাঁত–ৰেচম বিভাগৰ চতুর্থবর্গৰ নিযুক্তি পৰীক্ষা বাতিল

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ৰাজ্যত নির্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ লগে লগে কঠোৰ হৈছে নির্বাচন আয়োগ৷ বিশেষকৈ ৰাজনৈতিক দলৰ প্রচাৰ আৰু চৰকাৰী কাম–কাজৰ ওপৰত নির্বাচন আয়োগে তীক্ষ্ণ নজৰ ৰাখিছে৷ ইয়াৰ মাজতে কেইবাটাও নিযুক্তি পৰীক্ষা বাতিল কৰা হৈছে৷ আজি ৰাজ্য চৰকাৰৰ হস্ততাঁত–বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ চতুর্থবর্গৰ বহুসংখ্যক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ইয়াৰ বাবে প্রার্থীসকলে যাৱতীয় প্রস্তুতিও চলাইছিল৷

কিন্তু নির্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পৰিপ্রেক্ষিতত এই নিযুক্তি পৰীক্ষা বাতিল কৰা হয়৷ আনহাতে আজি হ’বলগীয়া বিশেষ টেট পৰীক্ষাও স্থগিত ৰাখিছে শিক্ষা বিভাগে৷ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই এই কথা জনাইছে৷

উল্লেখ্য যে শেহতীয়াকৈ বিভিন্ন বিভাগে নিযুক্তি সম্পর্কীয় বিজ্ঞাপন প্রকাশ কৰিছিল৷ কিন্তু কালি নির্বাচনী অধিসূচনা জাৰি তথা আচৰণবিধি বলৱৎ হোৱাৰ লগে লগে এই প্রক্রিয়াটো কার্যতঃ স্থবিৰ হৈ পৰিল৷

You might also like