নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মহকুধিপতিৰ সংবাদ মেলঃ ৮০ ৰ উৰ্ধৰ আৰু বিশেষভাবে সক্ষম লোকসকলৰ বাবে পোষ্টেল বেলেটৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ নিৰ্বাচন আয়োগে অসমৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা লগে লগে মুঠ তিনিটা পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ ২৭ মাৰ্চত ভোটগ্ৰহণ হ’বলগীয়া ১১৪ নং বিধানসভা জোনাই সমষ্টিতো শান্তিপূৰ্ণ ভোটদানৰ বাবে জোনাই মহকুমা প্ৰশাসনে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে। এইবাৰ জোনাই বিধান সভা সমষ্টিত ২২৭৫৮ গৰাকী নতুন ভোটাৰ সংযোগেৰে মুঠ ৩০৮১৮৩ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ১৫৬৭০৯ গৰাকী আৰু মহিলা ১৫১৪৭৪ গৰাকী ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব।

উল্লেখ্য যে কভিড -১৯ ৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি জোনাই সমষ্টিটোত এক হাজাৰতকৈ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰ সমূহক বিভক্ত কৰা হৈছে৷ তদুপৰি জোনাই সমষ্টিটোত নতুন ৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰ সংযোগ কৰি মুঠ ৪৪৯ টা ভোট গ্ৰহণকেন্দ্ৰ কৰা হৈছে৷জোনাই সমষ্টিটোক নিৰ্বাচনৰ বিশেষ সুবিধাৰ্থে ১২ টা zone আৰু ৩৯ চেক্টৰত বিভক্ত কৰা হৈছে৷

সমষ্টিটোত মুঠ ২৭৬৬ সন্দেহ জনক (ডি ভোটাৰ থকা বুলি জোনাই মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত সাংবাদিক আৰু জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে উপস্থিত থকা বিভিন্ন এক বৈঠকত জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে এই তথ্য সদৰী কৰে।

তেওঁ জনায় যে, জোনাই সমষ্টিৰ ৮০ ৰ উৰ্ধ আৰু বিশেষভাবে সক্ষম লোক সকলে নিৰ্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি পোষ্টেল বেলেটৰ মাধ্যমত ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব বুলি জানিব দিয়ে৷

You might also like