🔹 গৰু চোৰৰ বাহনৰ খুন্দাত আহত তিনি আৰক্ষী
বিশেষ বাৰ্তা, ১ আগষ্ট : কলিয়াবৰত পুৱতি নিশা আৰক্ষীৰ এক অভিযানৰ সময়ত গৰু চোৰৰ বাহনৰ খুন্দাত তিনিজন আৰক্ষী আহত হোৱাৰ লগতে এজন গৰু চোৰ গ্ৰেপ্তাৰ হৈছে। আৰক্ষীয়ে জব্দ কৰা বিলাসী বাহনখনৰ পৰা চাৰিটা গৰু উদ্ধাৰ কৰে যদিও তাৰে এটা গৰু মৃত অৱস্থাত পোৱা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, কলিয়াবৰ আৰক্ষীয়ে পুৱতি নিশা গৰু চুৰিৰ সন্দেহত এখন বিলাসী বাহন ( AS-01 FR-5730)ত অভিযান চলায়। আৰক্ষীৰ বাহন দেখা পাই গৰু চোৰৰ বাহনখনে আৰক্ষীৰ বাহনত খুন্দা মাৰি পলায়নৰ চেষ্টা কৰে। গৰু চোৰৰ বাহনৰ খুন্দাত বিধ্বস্ত হোৱা আৰক্ষীৰ বাহনখনে খেদি খেদি মিছাৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্দেহজনক বাহনখন জব্দ কৰে।
আৰক্ষীক দেখি দুই গৰু চোৰে পলায়ন কৰে যদিও এটা গৰু চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত গৰু চোৰটো চামগুৰিৰ মমতাজ আলী। স্থানীয় ৰাইজে ঘটনাস্থলীত গৰু চোৰটোক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।
গৰু চোৰৰ বাহনৰ খুন্দাত কলিয়াবৰ আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক জয়ন্ত বৰা, ৯ম অসম পুলিচ বেটেলিয়নৰ জোৱান পবিত্ৰ ভূঞা আৰু হাবিলদাৰ জগদীশ বৰুৱা আহত হয়। আহত জোৱানক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰেৰক কনক হাজৰিকা