নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিআইয়ে ঘোষণা কৰিলে এ বি এমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীৰ নাম

নিয়মীয়া বাৰ্তা ২ জুলাইঃ  এ বি এমছুৰ সভাপতি লাফিকুল ইছলামৰ ৩ হত্যাকাৰীৰ নাম ঘোষণা কৰিছে চিবিআইয়ে। তদন্তকাৰী সংস্থাটোৱে ঘোষণা কৰা অনুসৰি ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম ওৰফে ৰমেশ ব্ৰহ্ম, দিঙ্কু মুছাহাৰী, ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰে নামৰ ৩ জন লোকে হত্যা কৰিছিল লফিকুল ইছলামক।

এই ৩ হত্যাকাৰীৰ সন্ধান দিওতালৈ ২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে চিবাআইয়ে। উল্লেখযোগ্য যে ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰৰ দোটামাত হত্যা কৰা হৈছিল এবিএমছুৰ নেতা লাফিকুল ইছলামক। এই ৩ হত্যাকাৰীক সন্ধান পালে আৰক্ষীক জনোৱাৰ আহ্বান চিবিআইৰ।

You might also like