নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত “ৰাষ্ট্ৰীয় স্বাস্থ্য দিৱস” উদযাপন

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ “ৰাষ্ট্ৰীয় সেৱা আঁচনি”ৰ উদ্যোগত আৰু “স্বাস্থ্য আৰু স্বচ্ছতা কোষ” পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ত “ৰাষ্ট্ৰীয় স্বাস্থ্য দিৱস” উদযাপন কৰা হয় । সেৱা আঁচনিৰ আঁচনি বিষয়া টবেন্দ্ৰ নাথ দাসে উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য দিৱসৰ অনুষ্ঠানত সভাপতিত্ব কৰে পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ দত্তই । অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচে ৰাষ্ট্ৰীয় স্বাস্থ্য দিৱসৰ ওপৰত চমু বক্তব্য প্ৰদান কৰি অনুষ্ঠানলৈ উপস্থিত থকা সকলোকে আদৰণি জনায় । অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ঢকুৱাখনা মহকুমাৰ চিকিৎসা বিষয়া ডাঃ প্ৰভাত কুলীয়ে “কৈশোৰ কালৰ মানসিক স্বাস্থ্য”ৰ ওপৰত আলোকপাত কৰি কয় যে গুটখাজাতীয় বস্তুৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ধ্যান, যোগ আদিৰ উপৰত গুৰুত্ব প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনায়। সভাপতিৰ মন্তব্যত পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ দত্তই বহুতো বৈজ্ঞানিক কাৰণ দেখুৱাই স্বাস্থ্য ৰক্ষাৰ উপৰত বক্তব্য প্ৰদান কৰি তেওঁ লগতে কয় যে বৰ্তমান সমাজত অন্ধবিশ্বাসৰ বলি হৈ বহুতো লোক বেমাৰৰ কৱলত পৰি মৃত্যুমুখত পৰে ।অন্ধবিশ্বাস ত্যাগ কৰি বৈজ্ঞানিক ধ্যান-ধাৰণাইহে এখন সুস্থ-সৱল সমাজ গঠন সম্ভৱ হৈ উঠে বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য দিৱসৰ কাৰ্যসূচীত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° শোণিত কুমাৰ ভূঞা, স্বাস্থ্য আৰু স্বচ্চতা কোষৰ মুৰব্বী প্ৰবীণ দলে আৰু মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্যসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী তথা অভিভাৱসকল উপস্থিত থাকে।।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like