নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতাঃ মৰিগাঁৱৰ ১৭খন বিহু সন্মিলনীক বিশেষ আৰ্থিক সাহায্য প্ৰদান মৰিগাঁও জিলা প্ৰশাসনৰ

বার্তা বুৰো, ৭ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাপতিসাহোন বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে অসমীয়া জাতিয়ে সদায় মনত ৰাখিব। অসমৰ বিহু সন্মিলনসমূহক মুখ্যমন্ত্ৰীৰ বিশেষ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানৰ অংশ স্বৰূপে আজি মৰিগাঁৱৰ পবিতৰা হাত প্ৰেক্ষাগৃহত মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। অতিৰিক্ত উপায়ুক্ত ৰিং খং মোচাহাৰীয়ে আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি শৰ্মা।উল্লেখ্য এই অনুষ্ঠানত চেক গ্ৰহণ কৰি মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলনীৰ কাৰ্যকৰী সভাপতি চিমল দেউৰী আৰু সম্পাদক মুকুল হাজৰিকাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰদক্ষেপক আদৰণি জনোৱাৰ লগতে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like