ULFA-ৰে সংযোগ সন্দেহত চৰাইদেউ আৰক্ষীৰ কাঢ়া অভিযান, কংগ্ৰেছ নেতাক আটক
উজনি অসমৰ বিশেষকৈ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আৰক্ষী প্ৰশাসন আৰু সেনাৰ চকুত ধূলি মাৰি উগ্ৰপন্থী সংগঠনটোৱে সদস্য ভৰ্তি অভিযানৰ লগতে একাংশ বছা বছা ব্যৱসায়ী, ক্ষুদ্ৰ চাহ খেতিয়ক, ৰাজনীতিক আৰু চৰকাৰী চাকৰিয়ালক ধন দাবী কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
কেন্দ্ৰীয় চৰকাৰ আৰু ULFA-ৰ মাজত শান্তি আলোচনা প্ৰক্ৰিয়াই গেঠেলা মাৰি থকাৰ সময়তে নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনে উজনি অসমত নিজৰ শক্তি বৃদ্ধি কৰিবৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰখাৰ সময়তে অসম আৰক্ষীয়েও আলফাৰ (স্বা:) বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।
উজনি অসমৰ বিশেষকৈ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আৰক্ষী প্ৰশাসন আৰু সেনাৰ চকুত ধূলি মাৰি উগ্ৰপন্থী সংগঠনটোৱে সদস্য ভৰ্তি অভিযানৰ লগতে একাংশ বছা বছা ব্যৱসায়ী, ক্ষুদ্ৰ চাহ খেতিয়ক, ৰাজনীতিক আৰু চৰকাৰী চাকৰিয়ালক ধন দাবী কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
আলফাৰ দুৰ্বল সাংগাঠনিক ভেটি তথা আৰ্থিকভাৱে নিশকতীয়া হোৱা বুলি চৰকাৰ তথা আৰক্ষী প্ৰসাসনে বিভিন্ন সময়ত দাবী কৰি অহাৰ সময়তে উজনি অসমৰ চৰাইদেউ জিলাত নিষিদ্ধঘোষিত সংগঠনটোৱে ধন সংগ্ৰহ অব্যাহত ৰাখিছে ৷
নিষিদ্ধঘোষিত সংগঠনটোৰ সৈতে যোগসুত্ৰ স্থাপন আৰু ধন যোগান ধৰাৰ অভিযোগত বিগত এমাহত চৰাইদেউ আৰক্ষীয়ে চৰাইদেউ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা এতিয়ালৈকে প্ৰায় ষাঠি জনৰো অধিক লোকক আটক কৰিছে । বাগিচা পৰিচালকৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকৈ, ৰাজনৈতিক দলৰ নেতাৰপৰা অধিবক্তালৈকে বিভিন্ন বৃত্তিৰ লোকক চৰাইদেউ আৰক্ষীয়ে নিষিদ্ধঘোষিত সংগঠন আলফাৰ সৈতে যোগাযোগ ৰক্ষা কৰা আৰু ধন যোগানৰ অভিযোগত আটক কৰি তদন্ত চলাই আহিছে।
বিশেষকৈ ১২ জুলাইত ম্যানমাৰৰ গভীৰ অৰণ্যত থকা আলফাৰ কেম্পত হোৱা ড্ৰোন আক্ৰমণত চৰাইদেউৰ দুই দুধৰ্ষ আলফা (স্বাধীন) নেতা গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যু হোৱাৰ পাছতে জিলাখনত আলফা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে।
জিলাখনৰ অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল সীমান্তত সেনা-আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলাৰ লগতে জিলাখনৰ ঠায়ে ঠায়ে সেনা-আৰক্ষীয়ে নিয়মীয়া তালাচী অব্যাহত ৰাখিছে । বিগত এটা মাহত নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে তিনিকুৰিৰো অধিক লোকক আটক কৰাৰ লগতে আটকাধীন লিংকমেনৰ তথ্যৰ আধাৰত নিতৌ অভিযান অব্যাহত ৰাখিছে।
নিষিদ্ধঘোষিত সংগঠন আলফাৰ সৈতে যোগসুত্ৰ ৰক্ষা কৰাৰ অভিযোগত এসপ্তাহ পূৰ্বে আৰক্ষীয়ে চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভবেন লিকচনক আটক কৰাৰ পাছত আজি পুনৰ এগৰাকী অধিবক্তাসহ ৭ কংগ্ৰেছ নেতাক চৰাইদেউ আৰক্ষীয়ে আটক কৰিছে ৷ সেই অনুসৰি চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক বিদ্যুৎ শইকীয়া, লংপতীয়া মণ্ডল কংগ্ৰেছৰ সম্পাদক ৰাতুল গগৈ, বুথ সম্পাদক প্রফুল্ল বৰুৱা, বাঁহবাৰী পথাৰ গাঁৱৰ কংগ্ৰেছ কৰ্মী সঞ্জীৱ চেতিয়া, টীয়ক হাবি গাঁৱৰ ৰত্ন মাছাৰী আৰু দুলাল বসুমতাৰীক আজি চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ লগতে চৰাইদেউ আদালতৰ অধিবক্তা মৃদুল দিহিঙীয়াক আটক কৰিছে ৷ আটকাধীন আটাইকেইজনকে চৰাইদেউ আৰক্ষীয়ে নিজৰ জিন্মাত ৰাখি মাৰাথান জেৰা অব্যাহত ৰাখিছে৷
আগন্তুক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কুৰি দিন থকা অৱস্থাত নিষিদ্ধঘোষিত সংগঠনটোৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অব্যাহত ৰখা এই অভিযানে সংগঠনটোক বাৰুকৈয়ে ক্ষতিসাধন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
বিশেষ বাৰ্তা, সোণাৰি, 26 July, 2025