ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ : দুমাহ ২০ দিনজোৰা তদন্তৰ অন্তত অৱশেষত আজি ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে আদালতত দাখিল কৰিব অসমীয়াৰ আৱেগ জুবিন গার্গৰ ৰহস্যজনক মৃত্যু সন্দর্ভত যুগুত কৰা প্রথমখন অভিযোগনামা৷ যোৱা ১৯ ছেপ্টেম্বৰত অনাকাংক্ষিতভাৱে জুবিন গার্গ নোহোৱা হোৱাৰ খবৰটোৱে প্রতিগৰাকী অসমীয়াৰ বুকু কঁপাই তুলিছিল৷ সুস্থ শৰীৰেৰে পুনৰ উভতি অহাৰ প্রতিশ্রুতি দি যোৱা প্রিয় শিল্পী জুবিন গার্গ হঠাতে এনেদৰে কেনেকৈ হেৰাই যাব পাৰে, এই প্রশ্ণই আজিও ব্যথিত কৰি ৰাখিছে প্রত্যেককে৷
নর্থ–ইষ্ট ফেষ্টিভেলত অংশগ্রহণৰ বাবে গৈ ছিংগাপুৰৰ সমুদ্রৰ বুকুত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা জুবিন গার্গৰ সৈতে প্রকৃততে সেইদিনাখন কি হৈছিল তাৰ উত্তৰ উলিওৱাৰ স্বার্থত ৰাজ্য চৰকাৰে যোৱা ২৪ ছেপ্টেম্বৰত চিআইডিৰ বিশেষ সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰিছিল এছআইটি৷ দুমাহ ২০ দিনজোৰা তদন্তৰ অন্তত আজি প্রথমখন অভিযোগনামা এছআইটিয়ে কামৰূপ (মহানগৰ) জিলাৰ চিজেএম আদালতত দাখিল কৰিব৷ প্রিয় শিল্পীৰ মৃত্যুৰ দিনাৰ পৰা যদি ধৰা হয়, তেন্তে ৮৫সংখ্যক দিনত এছআইটিয়ে প্রথমখন অভিযোগনামা দাখিল কৰিব৷ বিগত সময়ছোৱাত এই ঘটনা সন্দর্ভত এছআইটিয়ে তিনি শতাধিক লোকৰ সাক্ষ্যগ্রহণ কৰাৰ লগতে মুঠ ৭জন লোকক গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ ভিতৰত প্রিয় শিল্পীৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত তথা নর্থ–ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাক যোৱা ২৩ ছেপ্টেম্বৰত চিআইডিয়ে দিল্লী আৰু হাৰিয়ানাৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ তাৰ দুদিন পাছতে অর্থাৎ ২ অক্টোবৰত গ্রেপ্তাৰ হৈছিল আন দুই অভিযুক্ত ক্রমে অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী৷
প্রিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত ৬বাৰকৈ চলোৱা জেৰাৰ অন্তত বিগত ৮ অক্টোবৰত চিআইডিয়ে গ্রেপ্তাৰ কৰিছিল শিল্পীগৰাকীৰ সম্পর্কীয় ভাতৃ সন্দীপন গার্গক৷ ১০ অক্টোবৰত গ্রেপ্তাৰ হৈছিল শিল্পীগৰাকীৰ দেহৰক্ষীদ্বয় ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য৷ উক্ত ৭জন লোকক গ্রেপ্তাৰৰ পাছত চিআইডিয়ে কেইবাগৰাকী লোককো জেৰা চলাইছিল৷ তদন্তৰ সকলো দিশ সম্পূর্ণ হোৱাৰ অন্তত আজি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত চিআইডিত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰটোৰ প্রথমখন অভিযোগনামা দাখিল কৰাৰ দিশে আগবাঢ়িছে এছআইটি৷ অগণিত অনুৰাগী তথা প্রতিগৰাকী অসমীয়াৰ পৰম আকাংক্ষিত অভিযোগনামাখনক লৈ এছআইটিয়ে ল’ব পৰা সকলো ব্যৱস্থাই গ্রহণ কৰিছে৷ অভিযোগনামা সন্দর্ভত এতিয়ালৈকে এছআইটিয়ে কোনোধৰণৰ তথ্য সদৰী কৰা নাই যদিও অসমর্থিত সূত্রৰ পৰা জানিব পৰা মতে, প্রায় ৭,৫০০ পৃষ্ঠাজোৰা বৃহৎ কলেৱৰৰ অভিযোগনামা আদালতত দাখিলৰ বাবে এছআইটি সাজু হৈছে৷
প্রায় আঢ়ৈ মাহ ধৰি অসমৰ ৰাইজে ধৈর্যসহকাৰে এছআইটিৰ ওপৰত আস্থা প্রকাশ কৰি প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ অভিযুক্তসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্রদানৰ বাবে আৰক্ষীক দাবী জনাই আহিছে৷ এই সন্দর্ভত আনুষ্ঠানিকভাৱে এছআইটিয়ে কোনো মন্তব্য কৰা নাই যদিও বিগত ৬ ডিচেম্বৰত চিআইডিৰ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই ১২ ডিচেম্বৰত ৰাইজে বিচৰা ধৰণে সকলো কথা অভিযোগনামাখন দাখিলৰ পাছতে অৱগত হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছিল৷
এছআইটিয়ে উপযুক্ত তদন্তৰ জৰিয়তে প্রিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুত অভিযুক্তসকলক দৃষ্টান্তমূলক শাস্তি প্রদানেৰে অগণিত অনুৰাগীক আশ্বস্ত কৰিবলৈ সক্ষম হ’ব বুলি সকলোৱে আশা প্রকাশ কৰিছে৷