নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ধুবুৰী মহিলা মৰ্চাৰ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ সংবাদ মাধ্যমৰ সন্মুখত এআইইউডিএফ ছুপ্ৰিমো তথা সাংসদ বদৰুদ্দিন আজমলে হিন্দু সমাজ তথা হিন্দু নাৰী সমাজৰ বিৰূদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগেৰে আজি বিজেপিৰ ধুবুৰী মহিলা মোৰ্চাই স্থানীয় সাংসদগৰাকীৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ধুবুৰীৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী ইন্দিৰা সিংহ চৌধুৰী স্বাক্ষৰিত সেই এজাহাৰখনত বিগত ২ ডিচেম্বৰত সাংসদ আজমলে সংবাদ মাধ্যমৰ সন্মুখত কৰা সেই অপমানসূচক ভাষ্যৰ উদ্ধৃতি দি তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে বিজেপিৰ ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্য্যালয়ৰ পৰা দলটোৰ জিলা সভাপতি প্ৰসেনজিৎ দত্ত, দলটোৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা দীপক কুমাৰ সাহা, বিজেপি যুৱ মৰ্চাৰ ধুবুৰী জিলা সভাপতি নিৰ্মাল্য পাল প্ৰমুখ্যে দলটোৰ অন্যান্য কাৰ্য্যকৰ্তাসকলে আজি দুপৰীয়াৰ ফালে সমদল কৰি আহি ধুবুৰী সদৰ থানাত উপস্থিত হয় আৰু থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতীম গগৈৰ হাতত এজাহাৰখন দাখিল কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like