বিশেষ বাৰ্তা, নগাঁও, ৪ মে’ : অভিলেখসংখ্যক ভোটৰ ব্যৱধানত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা জয়ী হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও-বটদ্ৰৱাবাসী ৰাইজক তেওঁৰ প্ৰতি ৰখা আস্থা আৰু বিশ্বাসৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
ভোট দিয়া আৰু নিদিয়া সকলোকে ধন্যবাদ জনাই ৰূপক শৰ্মাই কয় যে তৃতীয়বাৰৰ বাবে মোক বিধায়ক নিৰ্বাচিত কৰাত এতিয়া দায়িত্ব বাঢ়িল। নগাঁও-বটদ্ৰৱা সমষ্টিৰ বাবে বহু কাম কৰিবলগীয়া আছে। বিগত দহটা বছৰত বিধায়ক হিচাপে এদিনো জিৰণি নোলোৱাকৈ সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰি গৈছিলোঁ। তাৰ ফল আজি আমি পাইছোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা আমাৰ সমষ্টিত অন্তৰ্ভুক্ত হয়। নতুনকৈ অন্তৰ্ভুক্ত হোৱা লোকসকলৰ লগতো সু-সম্পৰ্ক ৰাখি চলিছিলোঁ। যাৰ বাবে আজি মোক সকলোৱে আশীৰ্বাদ দিছে।
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে নগাঁও-বটদ্ৰৱাবাসী ৰাইজক ধন্যবাদ জনাই বিজয়ী প্ৰাৰ্থী ৰূপক শৰ্মাই কয় যে নগাঁও-বটদ্ৰৱাবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ অথলে যাবলৈ নিদিওঁ। নগাঁৱৰ কাৰণে বহু কৰিবলগীয়া আছে। প্ৰত্যেকেই যাতে নগাঁৱক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে, তাৰ বাবে মই কাম কৰি যাম। সকলোৱে যাতে ক’ব পাৰে- “আমাৰ নগাঁও, আমাৰ গৌৰৱ”। নগাঁও-বটদ্ৰৱাবাসী ৰাইজে মোক দিয়া আশীৰ্বাদ মই কেতিয়াও নাপাহৰোঁ।
সাংবাদিকে বিজেপিৰ চমকপ্ৰদ সফলতাৰ বিষয়ে সোধাত তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা পাঁচটা বছৰত অসমৰ উন্নয়নৰ বাবে কৰা কষ্টৰ ফল আজি অসমবাসীয়ে দেখা পাইছে।