নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ চৰ্চিত-হেভীৱেইট প্ৰাৰ্থীক প্ৰত্যাখ্যান জনতা জনাৰ্দনৰ

আজি ঘোষণা কৰা অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হল। সম্পূৰ্ণ সূচী এতিয়াও প্ৰকাশ হোৱা নাই যদিও বিজেপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি একপ্ৰকাৰ নিশ্চিত হৈছে। আৰু এই নিৰ্বাচন বিৰোধী ঐক্য একেবাৰে তচনচ হৈ পৰিল।

ঘোষিত ফলাফল অনুসৰি বিৰোধী ঐক্যৰ মূখ্য দল কংগ্ৰেছ উজনি-উত্তৰ অসমত একেবাৰে তচনত হৈ পৰিছে। দলটো মধ্য, বৰাক আৰু নামনি অংশত কেইখনমানহে আসন লাভ কৰিব বুলি নিশ্চিত হৈছে। কিন্তু মন কৰিব লগা হল কংগ্ৰেছে মিঞা অধ্যুষিত অঞ্চলতহে আসন লাভ কৰিবলৈ সক্ষম হৈছে। আপাতঃ দৃষ্টিত কংগ্ৰেছ যেন মিঞাৰ দলত পৰিণত হল।

আজি ঘোষিত ফলাফলত কংগ্ৰেছে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আদিকে ধৰি কংগ্ৰেছৰ বহু হেভীৱেইট প্ৰাৰ্থী পৰাস্ত হল। কংগ্ৰেছে ৯৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

ইফালে বিৰোধী ঐক্যৰ এইবাৰৰ সবাতোকৈ চৰ্চাত আছিল অসম জাতীয় পৰিষদ। দলটোৰ নেতৃত্বত থাকি এইবাৰ খোৱাঙৰ পৰা নিৰ্বাচন খেলি হাৰিল লুৰিণজ্যোতি গগৈ। লগতে মৰিয়নিত জ্ঞানশ্ৰী বৰা, মধ্য গুৱাহাটী কুনকি চৌধুৰী আদিকে ধৰি ১২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি এখনো আসন লাভ কৰিবৈল সক্ষম নহল অসম জাতীয় পৰিষদে।

চৰ্চাত আছিল ৰাইজৰ দল। এই দলটোৱেও বিশেষ একো দেখুৱাব নোৱাৰিলেও শিৱসাগৰত অখিল গগৈ আৰু ধিঙত মেহবুব মুক্তাৰ জয় নিশ্চিত হৈছে। বাকী কোনো আসনতে ৰাইজৰ দলে আশা প্ৰদ সফলতা লাভ নকৰিলে।

এইবাৰ হাৰি থাকিল বাঁও শিবিৰৰ একমাত্ৰ হোতা মনোৰঞ্জন তালুকদাৰ। পুৰণি ৰাজনৈতিক শত্ৰুৰ ৰঞ্জিত দাসৰ হাতত মনোৰঞ্জন তালুকদাৰ শোচনীয়ভাৱে পৰাজয়বৰণ কৰিলে।

স্মৰ্তব্য যে নিৰ্বাচনৰ আগলৈ কোনোধৰণ দীৰ্ঘম্যাদী পৰিকলপ্না নোহোৱাকৈ মাত্ৰ হোটেল ৰাজনীতিৰ কৰিয়ে নিৰ্বাচন জিকিম বুলি ভবা বিৰোধী ঐক্য ৰাইজে বাৰুকৈয়ে প্ৰত্যাখ্য়ান কৰিলে ভোটাৰ জনতাই।

ডিজিটেল ডেস্ক, ৪ মে’

You might also like