বিশেষ বাৰ্তা, মাজুলী, ৪ মে’ : ৯৮নং মাজুলী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভুবন গামে ৩৫,৩০০টা ভোটৰ ব্যৱধানত জয়ী হয়। সমষ্টিটোত ১,২১,৭২৪গৰাকী ভোটাৰে ভোটদান কৰিছিল। আজিৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ভুবন গামে তেওঁৰ নিকটতম কংগ্ৰেছৰ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক ৩৫,৩০০ টা ভোটত পৰাজিত কৰে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বিজেপি প্ৰাৰ্থী ভুবন গামে ৭৮,৩২৪টা ভোট লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে ৪৩,০২৪টা ভোট লাভ কৰিবলৈ সক্ষম হয়। একেদৰে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা কমিউনিষ্ট দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰে ১০১৯টা ভোট। তাৰ বিপৰীতে নটাত ৯৫৮টা ভোট পৰে।
উল্লেখযোগ্য যে সমষ্টিটোত নিৰ্বাচনৰ আৰম্ভণিৰ পৰা বিজেপি মিত্ৰজোঁট আৰু বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰ একপ্ৰকাৰ আকৰ্ষণীয় হৈছিল। সেইমতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত দুয়োটা দলে জিকাৰ অংক কৰি ভোটাৰৰ মাজত এক উত্কন্ঠাৰ সৃষ্টি কৰিছিল যদিও অৱশেষত বিজেপিয়ে জয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ভুবন গাম দ্বিতীয়াবৰৰ বাবে ৯৮নং মাজুলী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়। বিজয়ী হোৱাৰ পিছত ভুবন গামে মাজুলীবাসীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।