নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত কন্দর্প নাথ শর্মা–ঝর্ণা শইকীয়াক বঁটা প্রদান মুখ্যমন্ত্রীৰ; আটকধুনীয়াকৈ নির্মাণ হ’ব কলাগুৰুৰ সমাধিক্ষেত্র

নিয়মীয়া বাৰ্তা, ২১ জুনঃ শনিবাৰে ৰাজ্যবাসীয়ে গীতে–মাতে সশ্রদ্ধ স্মৰণ কৰিলে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাক৷ ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ প্রান্তে প্রান্তে অনুষ্টুপীয়াকৈ আয়োজন কৰা কার্যসূচীৰ মাজেৰে বিপ্লৱী শিল্পীগৰাকীক স্মৰণ কৰে ৰাজ্যবাসীয়ে৷

ইয়াৰ মাজতে শনিবাৰে কেন্দ্রীয়ভাৱে ডিব্রুগড়ত ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাভা দিৱসৰ কেন্দ্রীয় কার্যসূচী অনুষ্ঠিত কৰা হয়৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্রুগড় জিলা প্রশাসনৰ সহযোগত শ্রীশ্রীআউনীআটী শাখা সত্রৰ প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট চিত্রশিল্পী কন্দর্প নাথ শর্মা আৰু নৃত্যশিল্পী ঝর্ণা শইকীয়াক চলিত বর্ষৰ বিষ্ণু ৰাভা বঁটা প্রদান কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এই বঁটাত আছে এখন প্রশস্তিপত্র, শৰাই, অংগবস্ত্র আৰু ২ লাখ টকাৰ চেক৷ বঁটা প্রদান অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে তেজপুৰত থকা কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ সমাধিক্ষেত্র আটকধুনীয়াকৈ নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰে৷

একেদৰে কলাগুৰুৰ আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণৰ বাবেও এটা সংগ্রহালয় নির্মাণ কৰা হ’ব বুলি প্রকাশ কৰি তেওঁ কয়– ‘ৰাজ্যৰ সাংস্কৃতিক জীৱনধাৰালৈ অমূল্য বৰঙণি আগবঢ়োৱা এইগৰাকী শিল্পীক আমাৰ নতুন প্রজন্মৰ মাজলৈ লৈ গৈ তেওঁৰ জীৱন–দর্শন আৰু সৃষ্টিৰাজিৰ উপযুক্ত প্রচাৰ আৰু প্রসাৰৰ বাবে চেষ্টা কৰিব লাগিব৷ ৰাজ্যৰ নতুন প্রজন্মই তেওঁৰ অৱদানৰ কথা জানিবই লাগিব৷ ৰাজ্যৰ সাংস্কৃতিক জীৱনৰ এইগৰাকী পুৰোধা ব্যক্তিৰ নামত উদ্যাপিত দিৱসটো মাথোঁ ৰাজ্যৰ মাজতে সীমাবদ্ধ ৰখা উচিত নহয়৷ এই মনীষীগৰাকীৰ জীৱন আৰু কর্মৰ মহান আদর্শৰ বিষয়ে নৱপ্রজন্মক অৱগত কৰোৱাৰ ক্ষেত্রত প্রস্তাৱিত সংগ্রহালয়টোৱে এক মঞ্চৰ ৰূপত কাম কৰিব৷’ বিষ্ণুপ্রসাদ ৰাভাই সদায় ঐক্য, সংহতি, বন্ধুত্ব আৰু সমন্বয়ৰ বার্তা প্রচাৰ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে নতুন প্রজন্মই কলাগুৰুৰ এই মূল্যবোধৰ ভেটিত এখন সংস্কৃতিৱান সমাজ নির্মাণৰ কামত ব্রতী হ’ব লাগিব৷ ৰাভা দিৱসৰ দৰে অনুষ্ঠানৰ আয়োজনে এই মহান শিল্পীগৰাকীয়ে দেখুৱাই যোৱা পথ অনুসৰণ কৰি নৱপ্রজন্মৰ মাজত এক ইতিবাচক মানসিকতাৰ জন্ম দিবলৈ সক্ষম হ’ব৷ মহাপুৰুষসকলৰ আদর্শ আৰু শিক্ষাই মানৱ জাতিক এক বিশ্বজনীন শিক্ষা প্রদান কৰিছে৷ এখন শক্তিশালী সমাজ নির্মাণৰ বাবে তেওঁলোকৰ আদর্শৰে অনুপ্রাণিত হ’ব লাগিব৷ বঁটাপ্রাপক বিশিষ্ট চিত্রশিল্পী শর্মা আৰু নৃত্যশিল্পী শইকীয়াক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকক ৰাজ্যখনৰ সামাজিক–সাংস্কৃতিক জীৱনধাৰাক অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি যাবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে বিষ্ণুপ্রসাদ ৰাভাৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ৰাজ্যখনৰ সাংস্কৃতিক জীৱনলৈ এইগৰাকী শিল্পীয়ে অমূল্য বৰঙণি আগবঢ়াই গৈছে৷

   বিষ্ণুপ্রসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা আৰু ফণী শর্মাক ত্রিমূর্তি বুলি উল্লেখ কৰি তেওঁ কয়– ‘এই তিনি মনীষীয়ে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রৰ পৰা সমল গোটাই অসমৰ সংস্কৃতিক জীৱনধাৰাক জীপাল কৰাই নহয়, বর্ণাঢ়্য ৰূপত সজাই তুলিছিল৷ এই তিনিওগৰাকী মহান শিল্পীৰ লগতে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাই সমাজৰ অপ–সংস্কৃতিসমূহ মষিমূৰ কৰি সমাজক শুদ্ধ পথৰ সন্ধান দিছিল৷ এইসকলৰ সৃষ্টিশীল চেতনাই সমাজ জীৱনক নতুন ৰূপেৰে মহীয়ান কৰিছে৷’ ইফালে সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই ভাষণ প্রদান কৰি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাক সাংস্কৃতিক জীৱনৰ একতাৰ প্রতিভূ বুলি অভিহিত কৰে৷ অসমৰ সাংস্কৃতিক জীৱন টনকিয়াল কৰাৰ ক্ষেত্রত কলাগুৰুৱে অসামান্য অৱদান আগবঢ়াই গৈছে বুলি তেওঁ উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানত বিষ্ণু ৰাভা বঁটাপ্রাপক দুয়োগৰাকী শিল্পীয়েও ভাষণ প্রদান কৰি এই বঁটা লাভ কৰাৰ বাবে আনন্দ প্রকাশ কৰে৷ আজিৰ অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, বিধায়ক ঋতুপর্ণ বৰুৱা, সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক বিষ্ণুকমল বৰায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী যোগেন মোহন, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যাপ্রসাদ তাছা, বিধায়ক বিনোদ হাজৰিকা, নৰেন সোণোৱাল, কুশল দুৱৰীকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

   উল্লেখ্য যে মহানগৰীতো শনিবাৰে ৰাভা দিৱস উপলক্ষে কেইবাস্থানতো অনুষ্টুপীয়াকৈ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সদৌ গুৱাহাটী ছাত্র সন্থাই কেন্দ্রীয়ভাৱে আজি উজানবজাৰস্থিত শ্বহীদ ভৱনত দিনজোৰা কার্যসূচীৰে ৰাভা দিৱস উদ্যাপন কৰে৷ বিষ্ণুপ্রসাদ ৰাভাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যার্পণ কার্যসূচী মুকলি কৰে সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহক সদস্য সীমান্ত ঠাকুৰীয়া আৰু তপন কলিতাই৷ ইপিনে অগপৰ আমবাৰীস্থিত কার্যালয়ত অসম যুৱ পৰিষদ আৰু অসম ছাত্র পৰিষদৰ উদ্যোগত ৰাভা দিৱস উদ্যাপন কৰা হয়৷ ৰাভাৰ প্রতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰে অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকাই৷ শ্বহীদ তর্পণ কার্যসূচী মুকলি কৰে অসম মহিলা পৰিষদৰ সভাপতি বৰদা কলিতাই৷ ইপিনে, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, পশ্চিম গুৱাহাটী মহাবিদ্যালয়কে ধৰি বিভিন্ন স্থানত কলাগুৰুক স্মৰণ কৰা হয়৷

You might also like