নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত কাইলৈ মনোনয়ন পত্র দাখিল কৰিব পীযূষ হাজৰিকাই

আজি আগন্তুক বিধানসভা নির্বাচনত বিজেপি দলৰ প্রার্থী হিচাপে জাগীৰোড সমষ্টিত মন্ত্রী পীযূষ হাজৰিকা আৰু মৰিগাঁও সমষ্টিত ৰমাকান্ত দেউৰীৰ নাম ঘোষিত হোৱাৰ পিছতেই সমষ্টি দুটাত দলীয় কর্মী আৰু সমৰ্থক সকলৰ মাজত আনন্দৰ বন্যা বয়। আনন্দত উলাহে নধৰা হৈ সমর্থক সকলে ফটকা ফুটাই আৱতৰীয়া দেৱালী উদযাপন কৰে।

বিশেষকৈ সমষ্টি দুটাৰ গ্ৰামাঞ্চলৰ সমৰ্থকসকলে ঢোল-ডগৰেৰে আগতীয়াকৈ ৰঙালী বিহু উদযাপন কৰা সদৃশ পৰিবেশ দৃশ্যমান হয়। উল্লেখ্য জাগীৰোড সমষ্টিৰ অবিসম্বাদী নেতা পীযূষ হাজৰিকাৰ কোনো প্রতিদ্বন্দ্বী প্রার্থী নথকাত তেঁওৰ টিকটপ্রাপ্তি আগৰে পৰা নিশ্চিত হৈ আছিল।

কিন্তু মৰিগাঁও সমষ্টিত ৰমাকান্ত দেউৰীৰ উপৰি কেইবাজনো প্রার্থীয়ে টিকটৰ দাবী কৰিছিল যদিও দুবাৰৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰদেশ আৰু কেন্দ্রীয় নেতৃত্বৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰাত সক্ষম হোৱাত প্রার্থিত্ব কেন্দ্রীক সংগ্রামখনত ৰমাকান্ত দেউৰীয়ে শেষ হাঁহি মাৰি বিজেপিৰ টিকট লাভ কৰে তৃতীয়বাৰৰ বাবে।

এতিয়া জাগীৰোডত পীযুষ হাজৰিকাৰ মুখামুখি হব অগপ চৰকাৰৰ দিনৰ মন্ত্ৰী কংগ্ৰেছ প্রাথী বুবুল দাস। আনহাতে মৰিগাঁও জিলা আৰু মৰিগাঁও সমষ্টি কংগ্ৰেছৰ দুৰ্ঘোৰ আপত্তি আৰু প্রতিবাদ স্বত্বেও মৰিগাঁও সমষ্টিতো কংগ্ৰেছ দলে এৰি দিছে অসম জাতীয় পৰিষদক। অজাপই প্রার্থীত্ব দিছে যোৱাবাৰ মৰিগাঁও সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি ৰমাকান্ত দেউৰীৰ হাতত পৰাজয় বৰণ কৰা বাণী দাসক।

কংগ্ৰেছ দলৰ নেতা, কর্মী সকলক সৈমান কৰি ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে যুঁজ কৰাৰ এক বিশাল প্রতিবন্ধক আছে বাণী দাসৰ সন্মুখত। দুয়োটা সমষ্টিতে বিৰোধী দল দুটাৰ প্রস্তুতি প্রাথমিক স্তৰতে থকাৰ বিপৰীতে বিজেপি প্রার্থী দুজন নির্বাচনী যুঁজৰ বাবে সষ্টম হৈ আছে।

জানিব পৰা মতে কাইলৈ (২০ মার্চ) পীযূষ হাজৰিকা আৰু ৰমাকান্ত দেউৰীয়ে মৰিগাঁও জিলা আয়ুক্ত কার্যালয়ত স্থাপন কৰা ৰিটানিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰিব। মনোনয়ন দাখিল কাৰ্যসূচীৰ জৰিয়তে দুয়োগৰাকী প্রার্থীয়ে নির্বাচনী ৰণশিঙা বজাব বুলি জানিব পৰা গৈছে। মৰিগাঁও জিলা বিজেপি সূত্রে প্রকাশ যে মনোনয়ন দাখিল পর্বত ৫০ হাজাৰতকৈয়ো অধিক লোকে সহযোগ কৰি নেতা দুগৰাকীৰ প্ৰতি সমর্থন প্রকাশ কৰিব।

নিয়মীয়া বার্তা, জাগীৰোড, ১৯ মার্চ

You might also like