নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ সময়ত বাছৰ ভাৰা বৃদ্ধি সম্ভৱ নহয়ঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ আন্তঃজিলা যাতায়াত মুকলিৰ পাছতে বাছ মালিক সন্থাই ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰাৰ সময়তে কোনো কাৰণতে ভাৰা বৃদ্ধি নহয় বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি ৰাজ্যৰ ডি টি অ’সকলৰ সৈতে হোৱা এক পর্যালোচনা বৈঠকত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে কয়– ক’ভিডৰ সময়ত বাছৰ ভাৰা বৃদ্ধি কেতিয়াও সম্ভৱ নহয়৷ ভৱিষ্যতে আমি মালিক পক্ষৰ সৈতে এই বিষয়টোক লৈ আলোচনা কৰিম৷ মই মালিকপক্ষক কৈছোঁ– বর্তমান সময়ত মানুহ এতিয়া দুর্দিনত আছে৷ গতিকে বাছভাৰা বৃদ্ধিৰ কথা ভবাটো এতিয়া ভাল নহয়৷ অকণমান আমি সমাজখনৰ লগত একেলগে চলোঁ৷ পাছত নিশ্চিতভাৱে চৰকাৰে সকলোৰে লগত এই বিষয়টোক লৈ আলোচনা কৰিব৷

ইফালে একাংশ বাছ মালিকে বাছৰ ভাৰা অধিককৈ সংগ্রহ কৰিব বুলি দিয়া হুংকাৰ সন্দর্ভতো মুখ্যমন্ত্রীয়ে কয়– পৰিবহণ বিভাগৰ এনফ’চমেণ্ট বিষয়াসকল আছে৷ তেওঁলোকে এই দিশটো চোৱাচিতা কৰিব৷

মন কৰিবলগীয়া যে শেহতীয়াকৈ বাছ মালিক সন্থাই পৰিবহণ বিভাগৰ বিভিন্ন মাচুলৰ পৰিপ্রেক্ষিতত বাছভাৰা ৪০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল৷

You might also like