নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মান্ধতাৰ ভয়ংকৰ তালিবানী ৰূপ

 বিজ্ঞান আৰু প্রযুক্তিৰ অভূতপূর্ব বিকাশ আৰু ব্যৱহাৰেও মানুহৰ ভিতৰত থকা ধর্মান্ধতাৰ ৰাক্ষসী চৰিত্র দূৰ কৰাটো সম্ভৱ হোৱা নাই, বৰং তাৰ উন্মত্ত ৰূপ যে বাঢ়ি আহিছে আৰু বিজ্ঞানে সৃষ্টি কৰা আধুনিক মাৰণাস্ত্রৰে যে ধর্মান্ধতাই পৃথিৱীত অমানৱীয় দুঃসহ অৱস্থাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে, তাৰ শেহতীয়া পৰিচয় দিছে আফগানিস্তানত তালিবানে৷ বিশ্ব সন্ত্রাস সৃষ্টি কৰা ওচামা বিন লাডেনৰ পিছত এতিয়া ভয়ংকৰ ৰূপ লৈছে তালিবানে৷ তালিবান এটা কোনো দেশৰ বিশেষ সম্প্রদায় নহয়৷ বিভিন্ন, একপ্রকাৰ স্থান–নিৰপেক্ষ ইছলামিক ধর্মান্ধ উগ্রবাদীৰ ই অন্যতম এটা গোট৷ ৰাছিয়াৰ প্রভাৱ আফগানিস্তানৰ পৰা আঁতৰাবলৈ এই দৈত্য সৃষ্টি কৰিছিল এসময়ত আমেৰিকাই৷ আমেৰিকাই অস্ত্র–শস্ত্র, সৈন্য–সামন্তৰে আফগানিস্তানত খোপনি পুতিছিল৷ এই সময়ছোৱাতে তালিবানে আমেৰিকাক আঁতৰাই আফগানিস্তানত নিজৰ ধর্মান্ধ ৰাজত্ব প্রতিষ্ঠা কৰাৰ বাবে শক্তি বঢ়াবলৈ আৰম্ভ কৰিলে৷ প্রায় ছহেজাৰ আমেৰিকান সৈন্যই যোৱা প্রায় দুটা দশকৰ ভিতৰত প্রাণ উছর্গা কৰিবলগীয়া হ’ল৷ তথাপি আমেৰিকা থকালৈকে আফগানিস্তানে আধুনিক মানসিকতা এটা গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ ভাৰতবর্ষৰ লগত আফগানিস্তানৰ সম্পর্ক আছিল কেইবাহাজাৰো বছৰীয়া পুৰণি৷ মহাভাৰতৰ ধৃতৰাষ্ট্রৰ পত্নী গান্ধাৰী, গান্ধাৰ বা কান্দাহাৰৰ আছিল৷ বৌদ্ধ ধর্মৰ এসময়ত প্রভাৱো আফগানিস্তানত যে প্রবলভাৱে পৰিছিল, তাৰ প্রমাণ প্রায় দহ বছৰমানৰ আগতে তালিবানে নৃশংসভাৱে ধ্বংস কৰা পর্বতৰ শিলত কটা বিশাল বুদ্ধ মূর্তিসমূহে কঢ়িয়াই আনিছিল৷ আনকি বুদ্ধদেৱৰ পৰৱর্তী কালত শিলত কটা বুদ্ধ মূর্তিৰ যিটো ৰূপ, সেই ৰূপটোৰ মাজত থকা পশ্চিমীয়া ভাস্কর্যৰ প্রভাৱ কান্দাহাৰৰ মাজেদিয়েই ভাৰতলৈ সোমাই আহিছিল৷ চিত্র আৰু মূর্তি ব্যৱহাৰ নকৰা ইছলামিক প্রভাৱেও এই শিল্পৰূপ নষ্ট কৰা নাছিল৷

সকলো ধর্মতে পালন কৰিবলগীয়া নীতি–নিয়ম আছে৷ কিন্তু ইছলামৰ বাহিৰে আন ধর্মসমূহত ঈশ্বৰক আৰু নানা দেৱ–দেৱীক লৈ অনেক কাহিনী আছে, যিবোৰ কাহিনীৰ যোগেদি মানুহক মূল্যবোধৰ শিক্ষা দিয়ে৷ এই শিক্ষাবোৰেই মানুহৰ সমাজ জীৱন শান্তিপূর্ণ আৰু সুস্থ কৰি তোলাত বৰঙণি যোগাই থাকে৷ ইছলামত মহান আল্লাহৰ যিদৰে গুণগত মহানতাৰ ঘোষণাৰ বাহিৰে আন কোনো কাহিনী নাই, তেনেকৈ কর্তব্য আৰু অকর্তব্য সম্পর্কে সাধাৰণ মানুহক বুজাবলৈও কোনো কাহিনী নাই৷ এতেকে উত্তপ্ত বালিময় আৰবৰ প্রাকৃতিক পৰিৱেশত সুস্থভাৱে জীৱন ধাৰণ কৰিব পৰাকৈ খোৱা–বোৱা, পিন্ধা–উৰাকে ধৰি জীৱন যাপনৰ নিয়মবোৰেই ধর্মৰ গুৰুত্বপূর্ণ অংশস্বৰূপ হৈ পৰিল৷ কলিমা, নামাজ, ৰোজা, জাকাত আৰু হজ এই পাঁচটা পালনীয় কামস্বৰূপে নির্ধাৰিত হ’ল৷ হজৰত মহম্মদৰ মৃত্যুৰ পিছত মোল্লাসকলে জীৱন যাপনৰ নিয়মবোৰ কঠোৰ কৰি তুলিলে৷ এই নিয়মবোৰৰ আঁৰত যে মহম্মদৰ এক আধুনিক বিজ্ঞানসন্মত মানসিকতাৰ লগত মিলা মানসিকতাও আছিল, সেই কথা মোল্লাসকলে বুজি পোৱা বুলি এতিয়া ধাৰণা কৰিব নোৱাৰি৷
সন্দেহ নাই হিন্দু ধর্মতো দেৱ–দেৱীৰ নামত বলি দিয়াকে ধৰি বিভিন্ন ব্যভিচাৰ সোমাল৷ কিন্তু সকলো হিন্দুৱে এনে ৰীতি মানি নচলে৷ আধুনিক কালৰ অনেক মুছলমান লোকেই পোছাক–পৰিচ্ছদ, খোৱা–বোৱাকে ধৰি জীৱন যাপন কৰোঁতে স্থানীয় প্রাকৃতিক আৰু সামাজিক নিয়ম গ্রহণ কৰি আহিছে৷ কিন্তু আনুষ্ঠানিক আনকি বিজ্ঞানসন্মত শিক্ষা গ্রহণ কৰা এচাম ল’ৰা–ছোৱালীকো ধর্মান্ধ মোল্লাসকলে প্রতিটো নিয়মকে অৱশ্যপালনীয় ধর্মৰ কাম বুলি শিকোৱাৰ ফলত ধর্মান্ধতা বাঢ়ি গৈছে৷ তালিবান, আইছিছ আদি গোটবোৰ এনে ধর্মান্ধ লোকেৰে গঠিত৷ দেখা গৈছে ভাৰতৰো বিভিন্ন ঠাইৰ কোনো কোনো ডেকা–গাভৰু তালিবানত সংযুক্ত হৈছে৷ আনকি অসমতো তালিবান সমর্থক ওলোৱাটো এটা দুর্ভাগ্যজনক বিষয় হৈ উঠিছে৷ এওঁবিলাকে নাজানে যে ধর্মৰ কাৰণে মৃত্যু হ’লে পৃথিৱীৰ পৰা গৈ ‘বেহেস্ত’ অর্থাৎ স্বর্গ বুলি পাব পৰা কোনো ঠাই ক’তো নাই৷ মৃত্যুৰ লগে লগে শৰীৰটো ধৰি ৰখা যিটো ঘাই শক্তি, সেইটো মহাশূন্যত বিলীন হৈ যায়৷ তেওঁবিলাকে এইটো কথাও নাজানে যে মানুহে কল্পনা কৰিব নোৱাৰাকৈ আকাশ আৰু সময়ৰ কোনো পৰিধি নাই৷
আমেৰিকাই নিজৰ স্বার্থত এসময়ত গঢ়ি তোলা তালিবান যে আমেৰিকাই বলাব নোৱাৰা ভয়ংকৰ দৈত্যস্বৰূপ হৈ উঠিব, এই কথা দেশখনে ভবাই নাছিল৷ এতেকে নিজে সৃষ্টি কৰা এই দৈত্যক আফগানিস্তানত দমন কৰি ৰাখিবলৈ তেওঁবিলাকে যিমান সৈন্য, শক্তি, অস্ত্র–শস্ত্র, অর্থ ব্যয় কৰি আহিছে, এই ব্যয়ৰ বাট বন্ধ কৰিবলৈ আফগানিস্তান আমেৰিকাই এৰি যোৱাৰ বাবে প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ড্রাম্পে তালিবানৰ লগত কৰা চুক্তিমতে এতিয়াৰ ৰাষ্ট্রপতি বাইডেনে প্রচুৰ অস্ত্রসম্ভাৰেৰে আফগানিস্তান এৰি গুচি গ’ল৷ তালিবানৰ বিৰুদ্ধে যুঁজি আছে পঞ্জশীৰ অঞ্চলৰ আফগান সৈন্যসকলে৷ এনে এটা অৱস্থাত আনকি ভাৰতেও তালিবানৰ আধিপত্য প্রায় স্বীকাৰ কৰি লৈছে৷ ভাৰতৰ অধ্যক্ষতাত বহা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে তালিবান অধিকৃত আফগানিস্তানক ৰাষ্ট্র হিচাপে অস্থায়ী স্বীকৃতি প্রদান কৰিছে৷ এই কথাও উল্লেখযোগ্য যে ততাতৈয়াকৈ গ্রহণ কৰা এই অস্থায়ী স্বীকৃতিৰ প্রস্তাৱ আমেৰিকা, ব্রিটেইন, ফ্রান্সকে ধৰি তেৰখন ৰাষ্ট্রই সমর্থন কৰিছে৷ কিন্তু প্রথমৰে পৰাই তালিবানক সমর্থন দি থকা ৰাছিয়া আৰু চীন এই প্রস্তাৱ গ্রহণৰ সিদ্ধান্তৰ পৰা আঁতৰি আছে৷ ভাৰতবর্ষই আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও ৰাষ্ট্রসংঘৰ যোগেদি তালিবানক স্বীকৃতি দিয়াৰ ক্ষেত্রত অধ্যক্ষতা কৰি ঘাই ভূমিকা গ্রহণ কৰিছে৷
ভাৰতবর্ষৰ সন্মুখত আছে ভাৰতক শত্রুজ্ঞান কৰি অহা পাকিস্তান৷ আনহাতে পাকিস্তান অধিকৃত কাশ্মীৰতো তালিবানৰ প্রভাৱ প্রসাৰিত হৈ পৰিছে৷ ভাৰতবর্ষই সংবিধানৰ ৩৭০নং দফা প্রত্যাহাৰ কৰি কাশ্মীৰৰ পূর্বৰ যিটো ৰাজনৈতিক ক্ষমতা, সেই ক্ষমতা কর্তন কৰাৰ পিছত কাশ্মীৰতো ইয়াৰ যে প্রভাৱ নপৰিব, তেনে আশা কৰিব নোৱাৰি৷ কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী মেহবুবা মুফ্তিৰ কেইদিনমানৰ আগৰ এটা বক্তব্যত তেনে ইংগিত এটা ফুটি উঠা যেন লাগিছিল৷ আইছিছে সেই হুংকাৰ দিছেই৷ এতেকে ভাৰতবর্ষৰ কাৰণে পুনৰ সমস্যাৰ যে সৃষ্টি নহ’ব, এনে কথা কোৱা টান৷ ইতিমধ্যে কেৰালাৰ পৰা, অসমৰ পৰা, আমাৰ চুবুৰীয়া বাংলাদেশৰ পৰা তালিবান সমর্থক ওলাইছেই৷ বিজেপি চৰকাৰৰ ইছলামবিৰোধী মনোভাবে এইক্ষেত্রত অসন্তুষ্ট হোৱাসকলক তালিবানৰ সমর্থকলৈ ৰূপান্তৰ কৰিব পাৰে৷ আমাৰ অসমতো গো–ধন ৰক্ষাৰ বিল গ্রহণ কৰা হৈছে৷ ভাৰতৰ বিভিন্ন স্থানত বিজেপি শাসনলৈ অহাৰ পৰাই হিন্দু ধর্মান্ধতাৰ বৃদ্ধিয়ে ইছলামধর্মীসকলক তেওঁবিলাকৰ অনেকে মুখেৰে নক’লেও এনে কার্যৰ বিৰোধী কৰি তুলিছে আৰু তুলিবই৷ তালিবানে প্রথম অৱস্থাত সাময়িকভাৱে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ ভাৰতবর্ষক অসন্তুষ্ট কৰি নল’ব পাৰে৷ কিন্তু তালিবানৰ এই স্থিতি যে সদায় একেদৰেই থাকিব এই আশা কৰিলে ডাঙৰ ভুল কৰা হ’ব৷ তালিবানৰ বিভিন্ন গোটৰ মাজত ক্ষমতাৰ খোৱা–কামোৰাই যদি তালিবানক দুর্বল কৰে, বেলেগ কথা৷ নহ’লে তালিবানে একাংশ ভাৰতীয় মুছলমানৰ সমর্থন আদায় কৰাৰ যত্ন সদায় কৰি থাকিব৷
এই বিষয়ে কোনো সন্দেহ নাই যে ধর্মান্ধতাৰ লগত ধর্মান্ধতাৰ সংঘর্ষ হ’বই৷ বিজেপি দল আৰু চৰকাৰে হিন্দু ধর্মৰ বহিৰংগৰ ওপৰত দিয়া গুৰুত্বই এই ধর্মৰ বিজ্ঞানসন্মত মূল দার্শনিক তত্ত্বক ঢ়াকি ধৰাই নহয়, সাধাৰণ মানুহৰ পৰাও আঁতৰাই পেলাইছে৷ সৰু–বৰ সকলো চৰকাৰী কামতো ধর্মনিৰপেক্ষ নীতিক আঁতৰাই থৈ পূজা–পাতলৰ প্রভাৱ বৃদ্ধি কৰা হৈছে৷ এইবিলাকে চিন্তাশীল হিন্দুসকলক বিক্ষুব্ধ কৰিছে আৰু ধর্মান্ধ এচাম ইছলামধর্মীক মানসিকভাৱে আঘাত হানিছে৷ ই কোনো প্রকাৰেই দেশৰ মংগলৰ কাৰণ হ’ব নোৱাৰে৷ হনুমানৰ নেজৰ জুই মুখেৰেই নুমাব লাগিব৷ চৰকাৰ সদায় ধর্মনিৰপেক্ষ হৈ নাথাকিলে তাৰ কুফল সমগ্র দেশে ভোগ কৰিবলগীয়া হ’ব৷ আমি মনত ৰাখিব লাগিব চিৰবৈৰী পাকিস্তানৰ উপৰি এতিয়া তালিবানশাসিত আফগানিস্তানো ভাৰতবৈৰী হৈ নপৰিব বুলি আৰু কাশ্মীৰত প্রভাৱ পেলাবলৈ যত্ন নকৰিব বুলি কোনেও ক’ব নোৱাৰে৷ আনহাতে চীনেও লাডাখৰ প্রতি দি থকা শেনচকু আৰু বহলকৈ মেলিবলৈ এনে এটা অৱস্থাত সুবিধা পাব৷ আমি আমাৰ চাৰিওকাষে বন্ধু সৃষ্টি কৰি ল’ম নে শত্রু সৃষ্টি কৰি ল’ম? দেশৰ সকলো ভাষা আৰু ধর্মৰ মানুহক সমান দৃষ্টিৰে চাব নোৱাৰিলে কেৱল কৌশলেৰে আৰু বাকচাতুর্যৰে দেশ ৰক্ষা কৰিব নোৱাৰি৷ দেশ ৰক্ষা কৰিব পাৰি জাতি–বর্ণ–ধর্ম–ভাষ্ নির্বিশেষে মানুহৰ মনত বিশ্বাস স্থাপন কৰিহে৷ একদেশদর্শিতাৰে দেশৰ মানুহৰ মনৰ বান্ধোন কটকটীয়া কৰি ৰাখিব নোৱাৰি৷ মতবিভিন্নতাক গুৰুত্ব দি দেশৰ মানুহক শত্রুজ্ঞান কৰিলে তাৰ সুফল আশা কৰা টান৷
অসম চৰকাৰো অত্যন্ত সতর্ক হ’ব লাগিব, যাতে আমাৰ এই ৰাজ্যখনত তালিবানৰ প্রভাৱ সোমোৱাত বাধা দিব পৰাকৈ আমি বিশেষকৈ যোৱা প্রায় এশ বছৰত সোমাই আহি ‘অসমীয়া’ হোৱা ইছলামধর্মীসকলৰ মনত শংকা আৰু সন্দেহ সৃষ্টি কৰিব পৰা কামৰ পৰিৱর্তে আইনসংগতভাৱে পাব পৰা সমান সুযোগ–সুবিধা দান কৰি বিশ্বাস সুদৃঢ় কৰি তুলিব পাৰি৷ আমি সাম্প্রদায়িক সংঘাত ঘটা এখন ৰাষ্ট্র যিদৰে নিবিচাৰোঁ, তেনেকৈ ৰাজ্যও নিবিচাৰোঁ৷ অসম বিশেষকৈ আহোম শাসনৰ সময়ৰ পৰা হিন্দু–মুছলমান, জনজাতি–জনজাতি সকলোকে সামৰি লৈ ‘অসম’ হৈ আহিছে৷ এতিয়াও সকলো বৈধ নাগৰিকৰ প্রতি সমদৃষ্টিৰে কাম কৰিব পাৰিলে আমি সমস্যামুক্ত অসম এখন পাব পাৰিম৷

You might also like