লখিমপুৰত ক’ৰোনাৰ ‘হটবে’ড’ত পৰিণত নার্ছিংহোম
নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ লখিমপুৰ জিলাত প্রতিদিনাই বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা৷ এইবাৰ ক’ৰোনাৰ হট বে’ডত পৰিণত হৈছে উত্তৰ লখিমপুৰ চহৰৰ এখন নার্ছিং হোম৷ কালিৰ দিনটোত নার্ছিং হোমখনত বহুসংখ্যক চিকিৎসাকর্মীৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷
ইফালে, ইয়াৰ সমান্তৰালকৈ একাংশ নার্ছিং হোমে স্বাস্থ্য বিভাগৰ লগত সহযোগ নকৰা আৰু ব্যৱসায়ৰ স্বার্থত ক’ভিড–১৯ত আক্রান্ত কর্মচাৰীয়ে চিকিৎসা সেৱা আগবঢ়োৱাৰো অভিযোগ উঠিছে৷ উত্তৰ লখিমপুৰ চহৰৰ অভনীশ হাস্পতালত ৩৪জনকৈ কর্মচাৰীৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰিছে৷
চাবতি পথত অৱস্থিত অভনীশ হাস্পতাল এণ্ড ৰিছার্চ চেণ্টাৰ নামৰ চিকিৎসালয়খনত আজি লখিমপুৰ জিলা স্বাস্থ্য বিভাগে এণ্টিজেন টেষ্ট কৰোঁতে কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ চিকিৎসা বিভাগৰ এক সূত্রই প্রকাশ কৰা অনুসৰি ব্যক্তিগত চিকিৎসালয়খনৰ চিকিৎসক অৰূপ দত্তৰ দেহত ক’ভিড–১৯ ধৰা পৰাৰ পিছত ততাতৈয়াকৈ কালি পুৱা এটি চিকিৎসাকর্মীৰ দল ক’ভিড এণ্টিজেন টেষ্টৰ বাবে চিকিৎসালয়খনলৈ ৰাওনা হয়৷
প্রাপ্ত অভিযোগ অনুসৰি তিৱাৰী উপাধিধাৰী এজন চিকিৎসকে এণ্টিজেন টেষ্ট কৰিবলৈ যোৱা দলটিক ভিতৰত সোমাবলৈ বাধা আৰোপ কৰে আৰু নার্ছিং হোমখনত তেনে কোনো পৰীক্ষা কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে৷ উপায় নাপাই ক’ভিড পৰীক্ষাৰ বাবে যোৱা দলটিয়ে ঘটনাৰ বিষয়ে উচ্চপদস্থ স্বাস্থ্য বিষয়াক অৱগত কৰায়৷
অৱশেষত এই সন্দর্ভত দণ্ডাধীশৰ সহায় বিচৰাত জিলা স্বাস্থ্য বিষয়াই নার্ছিং হোমৰ কর্তৃপক্ষক অৱগত কৰোৱাৰ পিছতে চিকিৎসাকর্মী দলটিক প্রৱেশ কৰিবলৈ দিয়ে৷ এণ্টিজেন পৰীক্ষাত নার্ছিং হোমখনৰ নার্ছ, ৱার্ড্বয়কে ধৰি বিভিন্ন পর্যায়ৰ ৩৪জন কর্মচাৰীৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা হয়৷
উল্লেখ্য যে জিলাখনৰ নার্ছিং হোম একাংশৰ এনে স্থিতিয়ে স্বাস্থ্য বিভাগক বিপাঙত পেলোৱাৰ লগতে ৰোগী আৰু অভিভাৱকসকলৰ জীৱনলৈও ভাবুকিৰ সৃষ্টি কৰিছে৷ কালিৰ দিনটোতে ১০৩জনৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে৷