নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা পিতৃ-মাতৃৰ কাজিয়া, পিছদিনা পুৱা পুখুৰীত উদ্ধাৰ শিশু সন্তানৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ নিজৰ ফুলকুমলীয়া সন্তানক পুখুৰীত দলিয়াই দি হত্যা কৰা এটি দম্পতীৰ কাণ্ডই বিচূৰ্তি খুৱাইছে অসমবাসীক। দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

পাৰিবাৰিক কন্দলৰ বাবে এটি ডেৰ বছৰীয়া সন্তানক পুখুৰীত দলিয়াই দি পিতৃ-মাতৃয়ে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ মতে, কালি নিশা মিজানুৰ খান আৰু তেওঁৰ পত্নী মালেকা খাতুনৰ মাজত কাজিয়া লাগে আৰু আজি পুৱাৰ ভাগত তেওঁলোকৰ ফুলকুমলীয়া সন্তানটো পুখুৰীত ওপঙি থকা দেখা পায় অঞ্চলবাসীয়ে।

উল্লেখ্য যে মিজানুৰ আৰু মালেকাৰ মাজৰ সম্পৰ্কই ইতিমধ্যে বিবাহ বিচ্ছেদলৈ গতি কৰিছে যদিও কি পৰিস্থিতিত সন্তানটিৰ মৃত্যু হ’ল, সেয়া বিতংকৈ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে।

You might also like