নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলা ঔষধ পৰিদর্শকৰ বিৰুদ্ধে ধন সংগ্রহৰ অভিযোগঃ নীতি–নির্দেশনা উলংঘাৰে ফার্মাচীৰ ব্যৱসায়

নিয়মীয়া বার্তা, ২২ জানুৱাৰীঃ ফার্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ নীতি–নির্দেশনা উলংঘাৰে গুৱাহাটী মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে ফার্মাচীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ স্বাস্থ্য বিভাগৰ একাংশ অসাধু বিষয়া–কর্মচাৰী বিশেষকৈ জিলা ঔষধ পৰিদর্শকক মেনেজ কৰি নীতি–নির্দেশনা উলংঘাৰে বছৰৰ পিছত বছৰ ধৰি ফার্মাচীৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি কামৰূপ মহানগৰ জিলাৰ ঔষধ পৰিদর্শকক মেনেজ কৰি দীর্ঘদিন ধৰি অসাধু ব্যৱসায়ীসকলে ফার্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ নীতি–নির্দেশনা উলংঘাৰে ব্যৱসায় চলাই আহিছে৷ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত এল’পেথিক আৰু হোমিঅ’ ফার্মাচীৰ সংখ্যা মুঠ ৫,০০৭খন৷ ইয়াৰ ভিতৰত ২,৬৭৮খন পাইকাৰী ঔষধ বিক্রী কৰা এল’পেথিক ফার্মাচী থকাৰ বিপৰীতে খুচুৰাকৈ ঔষধ বিক্রী কৰা ২,২৬২খন ফার্মাচী আছে৷

ইয়াৰ উপৰি পাইকাৰী ঔষধ বিক্রী কৰা ৪২খন হোমিঅ’ ফার্মাচী আৰু ২৫খন পাইকাৰী ফার্মাচী আছে৷ কিন্তু জিলা ঔষধ পৰিদর্শকক মেনেজ কৰি গুৱাহাটী মহানগৰীৰ পাণ্ডু, মালিগাঁও, মাছখোৱা, হাতীগাঁও, সিজুবাৰী, ফটাশিল আমবাৰী, ধীৰেনপাৰা, লালগণেশ, নাৰেংগী, উজানবজাৰ, পল্টনবজাৰ, ৰিহাবাৰী, সাতগাঁও, পাঞ্জাবাৰীকে ধৰি বিভিন্ন স্থানত আছে শতাধিক অবৈধ ফার্মাচী৷

কামৰূপ মহানগৰ জিলাৰ ঔষধ পৰিদর্শকক মেনেজ কৰি এই অবৈধ ফার্মাচীৰ ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ শেহতীয়াকৈ পূর্ণ সিন্ধু মুদৈ নামৰ ঔষধ পৰিদর্শগৰাকীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত থকা বৈধ আৰু অবৈধ ফার্মাচীসমূহৰ পৰা ব্যাপক হাৰত ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বহু বিতর্কিত এইগৰাকী ঔষধ পৰিদর্শকে কৰিমগঞ্জত কর্মৰত হৈ থকাৰ সময়ত কফছিৰাপ, ফেন্সিডাইল, নিচাজাতীয় টেবলেটৰ চোৰাং ব্যৱসায়ীৰে সু–সম্পর্ক ৰক্ষা কৰাৰো অভিযোগ আছে৷

কামৰূপ মহানগৰ আৰু গ্রাম্য জিলাৰ ঔষধ পৰিদর্শক হিচাপে দায়িত্ব গ্রহণ কৰিয়েই নিচাজাতীয় সামগ্রীৰ চোৰাং ব্যৱসায়ীৰে মিতিৰালি কৰি ব্যাপক হাৰত ধন সংগ্রহ কৰাৰ লগতে নীতি–নির্দেশনা উলংঘা কৰি ফার্মাচীৰ ব্যৱসায় চলোৱা ব্যৱসায়ীসকলৰ পৰাও ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ঔষধ পৰিদর্শক মুদৈৰ বিৰুদ্ধে৷ মুদৈয়ে সংগ্রহ কৰা ধন উচ্চপদস্থ বিষয়ায়ো লাভ কৰে বুলি বিভাগটোৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷

ফার্মাচী কাউন্সিল অৱ ইণ্ডিয়া আৰু ৰাজ্যিক ফার্মাচী কাউন্সিলৰ নির্দেশনা উলংঘাৰে ফার্মাচীৰ ব্যৱসায়ী চলোৱা ব্যৱসায়ীসকলৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like