নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুইতত চীনৰ ১২ নম্বৰ বৃহৎ বান্ধ; অসমসহ উত্তৰ–পূবক মৰুভূমিত পৰিণত কৰাৰ ষড়যন্ত্র অব্যাহত বেইজিঙৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: ভাৰতভূমিত ধাৰাবাহিক আগ্রাসন চলাই অহা ৰঙা চীনে অৰুণাচল প্রদেশ সংলগ্ণ সীমান্তলৈ ৰে’ল নেটৱর্ক সম্প্রসাৰিত কৰিবলৈ তৎপৰ হোৱাৰ সমান্তৰালভাৱে মহাবাহু ব্রহ্মপুত্রৰ পানীক লৈ নিতৌ নতুন ষড়যন্ত্র ৰচনা কৰি আহিছে৷ তিব্বতৰ পৰা প্রৱাহিত হোৱা য়াৰলুং চাংপো অর্থাৎ ব্রহ্মপুত্রৰ মধ্যম অংশত ইতিমধ্যে ১১টাকৈ সৰু–বৃহৎ বান্ধ নির্মাণৰ পদক্ষেপ লোৱা ঝি জিনপিং প্রশাসনে এইবাৰ চকু দিছে নদীখনৰ নামনি অংশত৷ অৰুণাচল প্রদেশ সীমান্তৰ সমীপতে অসমীয়া সভ্যতাৰ আয়ুসৰেখাস্বৰূপ লুইতক ভেটি চীনে দ্বাদশটো নদীবান্ধ নির্মাণৰ ব্লুপ্রিণ্ট চূড়ান্ত কৰি তুলিছে৷ বর্তমান পর্যন্ত এই প্রকল্পটো সন্দর্ভত কোনোধৰণৰ বাজেট ঘোষণা নকৰিলেও নদীবান্ধটো যে অতি বৃহৎ হ’ব, সেয়া নিশ্চিত৷

আনকি চীনে ভাৰতৰ বিৰুদ্ধে প্রস্তাৱিত দৈত্যকায় বান্ধটোক ‘লিকুইড বোম্ব’ হিচাপে ব্যৱহাৰ কৰাৰো আশংকা প্রকাশ কৰা হৈছে৷ উল্লেখ্য যে ২০১০ চনৰে পৰা ৰঙা চীনে ব্রহ্মপুত্রৰ ওপৰত নদীবান্ধ নির্মাণক লৈ তৎপৰ হৈ আহিছে৷ জলবিদ্যুৎ উৎপাদনৰ লগতে ব্রহ্মপুত্র আৰু তিব্বতৰ পৰা বৈ অহা আন নদীসমূহৰ পানী বিজ্ঞানসন্মতভাৱে বোৱাই নি দেশখনৰ খৰাংপীড়িত অঞ্চলসমূহত জলসিঞ্চনৰ এক বৃহৎ পৰিকল্পনা গ্রহণ কৰিছে বেইজিঙে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বাবে ভাবুকিস্বৰূপ চীনৰ এই পৰিকল্পনাৰ বিষয়ে বিগত সময়ছোৱাত সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি প্রকাশ পাই আহিছে৷ ‘ছাউথ চাইনা মর্নিং পোষ্ট’ৰ শেহতীয়া তথ্য অনুসৰি তিব্বতত যোৱা এটা দশকত ব্রহ্মপুত্রৰ মধ্যম অংশত ১১টাকৈ জলবিদ্যুৎ প্রকল্প নির্মাণৰ পদক্ষেপ গ্রহণ কৰিছিল চুবুৰীয়া ৰাষ্ট্রখনে৷ ইয়াৰে আটাইতকৈ বৃহৎ তিনিটা প্রকল্প জংমুত নির্মাণ কৰা হৈছে৷ ২০১৫ চনৰ পৰা তিনিওটা প্রকল্পৰ উৎপাদন আৰম্ভ হোৱাৰ বিপৰীতে তিব্বতৰ বায়ু, জিয়েক্সি, লাংটা, ডাকপা, নাং, ডেম’, নামছা আৰু মেটক চহৰৰ প্রকল্পকেইটা বর্তমান হয়তো নির্মীয়মাণ অৱস্থাত অথবা নির্মাণ আৰম্ভ কৰাৰ চূড়ান্ত পর্যায়ত আছে৷ এতিয়া অৰুণাচল প্রদেশ সীমান্তৰ সমীপতে ব্রহ্মপুত্রৰ নামনি অংশত দ্বাদশটো প্রকল্প নির্মাণৰ বাবে চীনে পৰিকল্পনা চূড়ান্ত কৰাৰ খবৰ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বাবে বিবেচিত হৈছে অতি উদ্বেগজনক ৰূপে৷ কিয়নো এই বৃহৎ নদীবান্ধটো নির্মাণ হোৱাৰ লগে লগে ব্রহ্মপুত্রৰ সোঁতৰ নিয়ন্ত্রণ কার্যতঃ গুচি যাব চীনৰ হাতলৈ৷ পৰিণতিত চিৰপ্রৱহমান ব্রহ্মপুত্রৰ বুকু আৰু ইয়াৰ অৱবাহিকা শুকান মৰুভূমিত পৰিণত হ’ব পাৰে৷ ইয়াৰ লগে লগে কৃষি নির্ভৰশীল উত্তৰ–পূর্বাঞ্চলৰ অর্থনীতিলৈ নামি আহিব ভয়ংকৰ সংকেত৷ এই সন্দর্ভত ‘ছাউথ চাইনা মর্নিং পোষ্ট’ত নতুন দিল্লীস্থিত ‘মনোহৰ পাৰিকৰ ইনষ্টিটিউট অৱ ডিফেঞ্চ ষ্টাডিজ এণ্ড এনালাইছিছ’ৰ গৱেষণক জগন্নাথ পাণ্ডাই এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁ কয় যে প্রকৃত নিয়ন্ত্রণৰেখাৰ (এল এ চি) সমীপত চীনৰ দ্বাৰা নদীবান্ধ নির্মাণ কৰাটোৱে ভাৰতৰ বাবে শংকাৰ ইংগিত বহন কৰিছে৷

লগতে পঢ়কঃ বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ ১১টাকৈ ভুৱা সেনা জোৱান

চীনৰ এই কার্যই হিমালয়ান নদী আৰু ভাৰতৰ মাজত কৌশলগত বিভাজন আনিব পাৰে৷ শেহতীয়াকৈ চীনৰ বৈদেশিক মন্ত্রালয়ে অৰুণাচল প্রদেশক স্বীকৃতি নিদিয়ে বুলি কৰা ঘোষণাৰ প্রসংগ টানি আনি তেওঁ পুনৰ কয় যে ড্রেগনৰ দেশে বৃহৎ নদীবান্ধ আৰু আন জল আন্তঃগাঁথনিসমূহক ভাৰতৰ এই অঞ্চলটোলৈ নিয়ন্ত্রণ সম্প্রসাৰণৰ ‘কৌশলগত আহিলা’ হিচাপেও ব্যৱহাৰ কৰিব পাৰে৷ এনে প্রেক্ষাপটত প্রধানতঃ অসমসহ উত্তৰ–পূর্বাঞ্চলক মৰুভূমিত পৰিণত কৰাৰ ষড়যন্ত্র অব্যাহত ৰাখিয়েই চীনে ব্রহ্মপুত্রক ভেটি দ্বাদশটো নদীবান্ধ নির্মাণৰ ব্লুপ্রিণ্ট প্রস্তুত কৰাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০০৮ চনত ব্রহ্মপুত্রৰ জল সম্পর্কীয় তথ্য আদান–প্রদান সন্দর্ভত ভাৰত আৰু চীনৰ মাজত এখন দ্বিপাক্ষিক চুক্তি সম্পাদন হৈছিল৷ এই চুক্তিখনৰ উদ্দেশ্য আছিল সঠিক জল ব্যৱস্থাপনাৰ যাতে বান নিয়ন্ত্রণৰ প্রস্তুতি সম্পন্ন কৰিব পৰা যায়৷ কিন্তু ২০১৭ চনৰ ডোকলাম বিবাদৰ সময়ত চীনে চুক্তি অনুসৰি ভাৰতক জল সম্পর্কীয় তথ্য দিবলৈ অস্বীকাৰ কৰিছিল৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি আগ্রাসী চীনৰ মনোভাব৷ সেয়েহে অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিৰ প্রায় সমীপতে ব্রহ্মপুত্রৰ নামনি অংশ ভেটি চীনে বৃহৎ নদীবান্ধ নির্মাণৰ পৰিকল্পনা সন্দর্ভত এতিয়া কেন্দ্রীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্রালয়ে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like