নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয়বাৰলৈ শীৰ্ষস্থানত চিৰাং জিলা

🔹 ১০০ শতাংশ উত্তীৰ্ণৰে উজলিল বঙাইগাঁও শোধনাগাৰ উ: মা: বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চিৰাং জিলাই দ্বিতীয়বাৰলৈ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিগত সময়ছোৱাত ফলাফল তালিকাত একেলেথাৰিয়ে কেইবাবছৰ ধৰি ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন স্থানত থকা চিৰাং জিলাই ২০২৩ বৰ্ষত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা জিলা হিচাপে চমকপ্ৰদ প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনে। এইবেলিও জিলা প্ৰশাসন, শিক্ষা বিভাগ, বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক প্ৰমুখ্যে বৌদ্ধিক সমাজৰ ঐক্যবদ্ধ প্ৰচেষ্টা, সহায়-সহযোগিতা তথা শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ ফলত চিৰাং জিলাই দ্বিতীয়বাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। জিলাখনৰ সৰ্বমুঠ ৬২৪৯জন শিক্ষাৰ্থীয়ে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত ২১৩১জনে প্ৰথম বিভাগত, ৩০২৭ জনে দ্বিতীয় আৰু ৫৪৭জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। জিলাখনে ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰি দ্বিতীয়বাৰৰ বাবে খিতাপ অব্যাহত ৰাখে। জিলাখনৰ ঘোষিত ফলাফলত বৌদ্ধিক সমাজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। আনহাতে, জিলাখনৰ সদৰ কাজলগাঁৱৰ নিকটৱৰ্তী ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১০০ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবেলি বিদ্যালয়খনৰ পৰা সৰ্বমুঠ ৪৬জন শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত ৪০জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৬জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ মেহবুল আহমেদে ৮৮.৩৩ শতাংশ, মনদীপ দেৱৰয়ে ৮৬.৬৭ শতাংশ আৰু তামিম ইফটিকাৰ ৰহমানে ৮৫.৫০ শতাংশ নম্বৰ লাভ কৰি (ডিষ্টিংচন) বিদ্যালয়ৰ ভিতৰত শীৰ্ষ তিনিটা স্থান লাভ কৰে। অন্য ১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ ফলাফলত বৃহত্তৰ ঢালিগাঁও অঞ্চলৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like