নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমগৰাকী বেটাৰ ৰূপে কৃতিত্ব অর্জন কোহলিৰ

🔹 ইণ্ডিয়ান প্রিমিয়াৰ লীগত ৭,৫০০ ৰান সম্পূর্ণ

বিশেষ বাৰ্তা, ৮ এপ্রিল : আইপিএলৰ ইতিহাসত ৭,৫০০ ৰান সম্পূর্ণ কৰি বিশ্বৰ প্রথমগৰাকী বেটাৰৰূপে গৌৰৱ অর্জন কৰিলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে৷ জয়পুৰত শনিবাৰে নিশা ৰাজস্থান ৰয়েলছৰ বিপক্ষে খেলা মেচখনত ৩৪ ৰান সংগ্রহ কৰাৰ লগে লগে আইপিএলত ৭,৫০০ ৰানৰ মাইলষ্ট’নত প্রৱেশ কৰে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰগৰাকীয়ে৷ যোৱানিশাৰ মেচখনত অপৰাজিতভাৱে ১১৩ ৰান কৰি আইপিএলত অষ্টমটো শতক অর্জন কৰা কোহলিয়ে একেটা দলৰ হৈ আঠ হাজাৰ ৰান সম্পূর্ণ কৰা বিশ্বৰ প্রথমগৰাকী বেটাৰৰূপেও নজিৰ গঢ়ে৷ কোহলিয়ে আৰচিবিৰ হৈ খেলি এতিয়ালৈকে ৮,০০৩ ৰান কৰিবলৈ সক্ষম হৈছে৷ বেংগালুৰুৰ হৈ এই পর্যন্ত ২৫৭খন মেচত ভাগ লৈছে কোহলিয়ে৷ ২৪২খন আইপিএল মেচত ৭,৫৭৯ ৰান সংগ্রহ কৰাৰ বিপৰীতে চেম্পিয়নছ লীগ টি–২০ৰ ১৫খন মেচত ৪২৪ ৰান সংগ্রহ কৰিছে৷ যোৱানিশাৰ মেচখনত ফিল্ডাৰ হিচাপেও এক কৃতিত্ব অর্জন কৰে বিৰাট কোহলিয়ে৷ সুৰেশ ৰাইনাক অতিক্রম কৰি আইপিএলৰ সর্বাধিক কেচ ধৰাৰ অভিলেখ গঢ়িছে তাৰকা খেলুৱৈগৰাকীয়ে৷ উল্লেখ্য যে আইপিএলত সর্বাধিক ৰান কৰা বিৰাট কোহলিৰ পিছতে স্থান লাভ কৰি আছে পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱনে৷ ধাৱনে এতিয়ালৈকে ৬,৭৫৫ ৰান কৰি দ্বিতীয় স্থানত আছে৷

You might also like