নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল (এক্সপ্ল’ৰেচন এণ্ড  ডেভেল’পমেন্ট)ৰ সঞ্চালক পদত চাল’মা য়মড’

নিয়মীয়া বাৰ্তা, ২১ মে’ : দেশৰ মহাৰত্ন উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নতুন সঞ্চালক (এক্সপ্ল’ৰেচন এণ্ড  ডেভেল’পমেণ্ট) হিচাপে বাছনি কৰা হৈছে চাল’মা য়মড’ক। কালি দিল্লীত ভাৰত চৰকাৰৰ পাব্লিক এণ্টাৰপ্ৰাইজ ছিলেকচন ব’ৰ্ডে ( PESB) অনুষ্ঠিত কৰা বাছনি প্ৰক্ৰিয়াত অইল এক্সপ্ল’ৰেচন এণ্ড  ডেভেল’পমেণ্ট বিভাগৰ কাৰ্যবাহী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চাল’মা য়মড’ক অইল ইণ্ডিয়া লিমিটেডৰ একে বিভাগৰে নতুন সঞ্চালক হিচাপে বাছনি কৰে। বৰ্তমান উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা মানস শৰ্মাৰ স্থলাভিষিক্ত হ’ব চাল’মা য়মড’ । উল্লেখযোগ্য যে অইলৰ অন্যতম শীৰ্ষ পদবীটোৰ বাবে মুঠ ১২গৰাকী প্ৰাৰ্থী বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে চাল’মা য়মড’, অনুপ কুমাৰ (মুখ্য মহাপ্ৰবন্ধক, জিঅ’ফিজিক্‌ছ), ত্ৰৈলোক্য বৰগোহাঞি (মুখ্য মহাপ্ৰবন্ধক, জিয়’লজি এণ্ড ৰিজাৰ্ভাৰ), বিনয়ানন্দ ভৰালী (মুখ্য মহাপ্ৰবন্ধক, ই অ’ ), চেৰিং লামা (মহাপ্ৰবন্ধক, ৰিজাৰ্ভাৰ) আৰু ধৰম সিং মানৰাল (মহাপ্ৰবন্ধক এক্সপ্ল’ৰেচন এণ্ড ডেভলপমেণ্ট ) অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া। আনহাতে অ’ এন জি চি এল, গেইল আৰু এইচ পি চি এলৰ মুঠ ছগৰাকী বিষয়া এই পৰীক্ষাত অবতীৰ্ণ হৈছিল।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like