নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ বিমানবন্দৰত ৪ আইছিছ জেহাদীক গ্রেপ্তাৰ

🔹 শ্রীলংকাৰ পৰা আহি উপস্থিত হৈছিল আহমেদাবাদত

🔹 ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল আইপিএলৰ প্ৰথমখন প্লে-অফৰ মেচ !

🔹 টাৰ্গেট আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম !

বিশেষ বাৰ্তা, ২১ মে’ : মাত্র কেইদিনমান পূর্বে গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল অজ্ঞাত দুষ্কৃতিকাৰীয়ে৷ সেই ঘটনাক লৈ উত্তেজনা চলি থকাৰ মাজতে এইবাৰ আহমেদাবাদ বিমানবন্দৰৰ পৰাই ৪ আইছিছ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিলে গুজৰাট আৰক্ষীয়ে৷ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ জালত পৰা জেহাদীকেইটা হৈছে মহম্মদ নুছৰাত, মহম্মদ নুফৰান, মহম্মদ ৰাজদিন আৰু মহম্মদ ফেৰিজ। লোকসভা নির্বাচনৰ মাজতে গুজৰাটৰ মাটিত চাৰি ইছলামিক ষ্টেট (আইছিছ) জেহাদীক গ্রেপ্তাৰৰ ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্রাথমিকভাৱে আৰক্ষীয়ে সদৰী কৰা অনুসৰি গ্রেপ্তাৰ হোৱা আইছিছ জেহাদীকেইটা শ্রীলংকাৰ বাসিন্দা৷ স্মর্তব্য যে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পিছতে আহমেদাবাদৰ চর্দাৰ বল্লভভাই পেটেল বিমানবন্দৰত খাপ পিটি আছিল গুজৰাট আৰক্ষীৰ সন্ত্রাস প্রতিৰোধী বাহিনী (এটিএছ)৷ এই সন্ত্রাস প্রতিৰোধী বাহিনীৰ হাতত গ্রেপ্তাৰ হয় চাৰিওটা আইছিছ জেহাদী৷ গ্রেপ্তাৰৰ পিছতে এই আইছিছ জেহাদীকেইটাক কোনো গোপন স্থানত এটিএছে জেৰা কৰি আছে৷ সূত্রই সদৰী কৰা অনুসৰি এই চাৰি জেহাদীয়ে দেশত ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা কৰিছিল৷ সেই উদ্দেশ্যেই চাৰিও শ্রীলংকাৰ পৰা চেন্নাই হৈ আহমেদাবাদত উপস্থিত হৈছিল৷ আশংকা কৰা মতে, নিষিদ্ধঘোষিত সংগঠন আইছিছৰ টাৰ্গেট আছিল আইপিএলৰ মেচ। ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰে আইপিএলৰ প্ৰথমখন প্লে-অফৰ মেচ ! আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি আশংকা কৰা হৈছে।

You might also like