নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজাৰ বাবে মহানগৰ আৰক্ষীৰ নিৰ্দেশনা

বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰঃ সমাগত দুৰ্গা পূজা। পূজাৰ বাবে সকলো ব্যস্ত। ব্যস্ত হৈ পৰিছে প্ৰশাসনো। সেই অনুসৰি আজি গুৱাহাটী মহানগৰীৰ জিলা পুথিভঁৰালত পূজা কমিটী আয়োজক আৰু প্ৰশাসনৰ যৌথ সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেলত উপস্থিত আছিল মহানগৰ জিলা আয়ুক্ত, আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি বহুকেইজন বিশিষ্ট বিষয়া। প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি, কোনো ফুটপাথ,বাইলেন বন্ধ কৰি পাতিব নোৱাৰিব পূজা মণ্ডপ। প্ৰতিখন পূজা সমিতিক অনুমতি দিব স্থানীয় থানাই। CCTV সংলগ্ন কৰিব লাগিব পূজা কমিটীয়ে (বাধ্যমতামূলক নহয়)। এপিডিচিএলৰ অনুমতি নোহোৱাকৈ কৰিব নোৱাৰিব লাইটিঙৰ ব্যৱস্থা। পূজা মণ্ডপত আৱৰ্জনা নিষ্কাশনৰ বাবে সঠিক পদক্ষেপ ল’ব লাগিব। প্ৰতিখন পূজা কমিটীয়ে সভাপতি,সম্পাদকৰ নাম ৰাইজে দেখাকৈ ওলমাই ৰাখিব লাগিব। প্লাষ্টিকৰ সমাগ্ৰী প্ৰয়োগ থকা মূৰ্তি ব্যৱহাৰ কৰিব নোৱাৰিব পূজাত। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে অনুমতি নিদিয়ে এনে প্ৰতিমাত । পূজা মণ্ডপত সাংস্কৃতিক অনুষ্ঠানৰ বাবে আগতীয়া আৰক্ষীৰ অনুমতি ল’ব লাগিব। নিৰ্দিষ্ট সময় বান্ধি দিব আৰক্ষীয়ে। নিশা ১০ বজাৰ পিছত পূজা সমিতিয়ে বজাব নোৱাৰিব কোনো হাই ডেচিবেলৰ ছাউণ্ড বক্স। ১০ বজাৰ পিছত বজালে জব্দ কৰিব ছাউণ্ড বক্স আৰক্ষীয়ে। নিয়ম ভংগ কৰিলে প্ৰদূষন নিয়ন্ত্ৰণ বৰ্ডে বিহিব জৰিমনা। পঞ্চায়ত এৰিয়াৰ পূজা সমিতিৰ জৰিমনা হ’ব ৩ হাজাৰ টকা। পৌৰ এলেকাৰ জৰিমণা হ’ব ৫ হাজাৰ টকা। ইফালে বিসৰ্জনৰ বাবে চূণচালি, পাণ্ডু, বশিষ্ঠ, সোণাপুৰ, ডিগাৰু, কাছমাৰী ঘাটত থাকিব স্থলী। দুৰ্গা পূজাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ গাইডলাইন এনেধৰণ- বিসৰ্জনৰ পিছত থাকি যোৱা সামগ্ৰীসমূহ জৰুৰীভাৱে নিষ্ক্ৰিয় কৰিব লাগিব। মাটিৰ কলহহে ব্যৱহাৰ কৰিব। প্লাষ্টিকৰ ফুল পৰাপক্ষত ব্যৱহাৰ নকৰিব পূজা মণ্ডপত। প্ৰতিমাৰ লগত চিনথেটিক কালাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰতিমাৰ তলৰ অংশত ব্যৱহাৰ কৰিব নোৱাৰিব থাৰ্মকল,প্লাষ্টিক। বিসৰ্জনৰ পিছত প্ৰতিটো ঘাটত Quality পৰীক্ষা কৰিব প্ৰদূষণ বৰ্ডে।

You might also like