নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত নাগৰিক সভা

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ সভাগৃহত আজি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গোসাঁইগাওঁ নগৰ সমিতিৰ উদ্যোগত এখন নাগৰিক সভাৰ অনুষ্ঠিত কৰা হয় ৷ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিত আজাদী কা অমৃত মহোৎসৱ হিচাপে উদযাপন কৰাৰ লগত সংগতি ৰাখি আয়োজন কৰা নাগৰিক সভাৰ কাৰ্য্যসূচীৰ দ্বীপস্তুতি মন্ত্ৰ ধ্বনিৰে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভণী কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কোকৰাঝাৰ জিলা সভানেত্ৰী কৃষ্ণা ব্ৰক্ষই৷ নাগৰিক সভাখনত আমন্ত্ৰিত অতিথি হিচাপে কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বস্তু বিশেষজ্ঞ গৌতম ভাগৱতী স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি নিজৰ ভাষণ প্ৰদান কৰে। সভাখনত অতিথি হিচাপে গোসাঁইগাওঁ জেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক খনিন্দ্ৰ নাথ দাস, গোসাঁইগাওঁ মহাবিদ্যালয়ৰ প্ৰৱক্তা প্ৰদীপ কুমাৰ দাস, প্ৰৱক্তা গোপাল বৰ্মন প্ৰমূখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক ৰুবুল পাঠক

You might also like