নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত বিনামূলীয়াকৈ পতাকা বিতৰণ সমাজকৰ্মী যুৱকৰ

বিশেষ বাৰ্তা, ৭ আগষ্ট : ব্ৰিটিছৰ পৰাধীনতাৰ পৰা মুক্ত হৈ ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ এক সোণালী ইতিহাসত উপনীত হৈছে।ভাৰতবৰ্ষৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসক লৈ দেশত আনন্দৰ জোৱাৰ উঠিছে।৭৫ বছৰীয়া স্বাধীনতা দিৱসটোত দেশৰ প্ৰত্যেক জন নাগৰিকক জড়িত কৰাৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ঘৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ঘোষণা কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ঘোষণাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তিতাবৰৰ এগৰাকী ব্যৱসায়ী তথা সমাজকৰ্মী যুৱকে এহেজাৰ ত্ৰিৰংগা বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।তিতাবৰ ধোদৰ আলিৰ কাষৰ লেটকো গাঁৱৰ তিতাবৰ ফুৱেল ষ্টেচনৰ স্বত্বাধিকাৰী তথা সমাজকৰ্মী যুৱক অঞ্জন কুৰ্মীয়ে তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠানত আজিৰ পৰা এহেজাৰ খন ত্ৰিৰংগা বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।আজি প্ৰথম দিনা সমাজকৰ্মী যুৱক গৰাকীয়ে তিনিশ ত্ৰিৰংগা ৰাইজৰ মাজত বিতৰণ কৰে।এই সন্দৰ্ভত অঞ্জন কুৰ্মীয়ে এই প্ৰতিবেদকক কয় যে ব্ৰিটিছৰ পৰা মুক্ত হৈ আমি ৭৫ বছৰত ভৰি দিলো।আমাৰ দেশ খনৰ কাৰণে আমাৰ কাৰণে ভাৰতীয় সেনা বাহিনীয়ে বহু ত্যাগ কষ্ট কৰিছে।তাৰ বিনিময়ত আমি দেশ খনৰ কাৰণে একো কৰিব পৰা নাই।সেয়েহে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যি কাৰ্যসূচী ঘোষণা কৰিছে তাৰ সমভাগি হোৱাৰ উদ্দেশ্য এহেজাৰ খন ত্ৰিৰংগা ৰাইজৰ মাজত বিতৰণ কৰাৰ চিন্তা চৰ্চা কৰি আগবাহিছো বুলি কয় । সমাজকৰ্মী যুৱক গৰাকীৰ এনে পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে।
প্ৰেৰক প্ৰনৱজ্যোতি কলিতা
You might also like