নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটাত অসম আন্দোলনৰ সংগ্ৰামী নেতা খনীন মহন্তৰ শেষকৃত্য সম্পন্ন

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ : অসম আন্দোলন, মাধ্যম আন্দোলন, শোধানাগাৰ আন্দোলনকে ধৰি বিভিন্ন আন্দোলনৰ আপোচবিহীন নেতা তথা অগপৰ বিশিষ্ট নেতা খনীন মহন্তৰ আজি সৰুপেটাত অগণন গুণমুগ্ধ, ৰাইজৰ উপস্থিতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰে সৰুপেটাৰ আঞ্চলিক স্মখানত শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে কালি বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত খনীন মহন্তৰ মৃত্যুৰ পিছতে সন্ধিয়া সময়ত তেওঁৰ শৱদেহ সৰুপেটাৰ শান্তিপুৰৰ বাসভৱনলৈ অনা হয়। আজি দিনৰ দহ বজাৰ পৰা অগণন গুণমুগ্ধ, ৰাইজে খনীন মহন্তৰ শৱদেহ তেওঁৰ বাস ভৱনৰ পৰা এখন পুস্পসজ্জিত চাৰিচকীয়া বাহনত লৈ সৰুপেটা বজাৰৰ মাজেৰে এক শোক সমদল উলিয়ায়। লগতে অগপৰ সৰুপেটা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত খনীন মহন্তৰ শৱদেহত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে জ্যোষ্ঠ অগপ নেতা, প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ বিধায়ক ফনীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়কদ্বয় ড° মনোৰঞ্জন দাস, গুনীন্দ্ৰ নাথ দাস, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়া, সম্পাদক ধ্ৰুৱ তালুকদাৰ, কাৰ্যনিৰ্বাহক সদস্য পুলিন পাঠক, মৃণাল কলিতা,অশোক দাস, ভৱানীপুৰৰ অগপ নেতৃবৃন্দ ক্ৰমে অৰবিন্দ বৰ্মণ, যগেন বৰ্মণ, বিশ্বজিৎ তালুকদাৰ, সৰুপেটা বজাৰ কমিটিৰ সভাপতি তথা আৰ্যভট্ট একাডেমিৰ ৰেক্টৰ কিশোৰ কুমাৰ চৌধুৰী, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ন, কাৰ্যনিৰ্বাহক সদস্য নিপল ডেকা,দিগ্বিজয় ডেকা,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মহীধৰ ৰয়,বিজেপি নেতা নাগেশ কুমাৰ বৈশ্য,ধৰণী তালুকদাৰ,সৰুপেটা সাহিত্য সভাৰ সভাপতি প্ৰবোধ কুমাৰ শৰ্মা, সম্পাদক প্ৰণেশ্বৰ বৈশ্য, বিশিষ্ট সমাজকৰ্মী মাণিক দাস,সৰুপেটা লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী নিলীমা দাস, অসম যুৱ পৰিষদৰ সম্পাদক বিকাশৰঞ্জন দাস,চিপিআইএম নেতা কমলেশ্বৰ দাস,জ্ঞানম সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট কণ্ঠশিল্পী কাকলি দাস, ভৱানীপুৰ সমষ্টি প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ তালুকদাৰ, সাংবাদিক প্ৰশান্ত কুমাৰ দাসৰ লগতে বিভিন্ন দল,সংগঠণ, সামাজিক অনুষ্ঠানৰ বিষয়ববীয়া তথা অগণন গুণমুগ্ধই খনীন মহন্তৰ শৱদেহত পূস্পমাল্য, পূস্পঞ্জলি,গামোছা প্ৰদানেৰে সংগ্ৰামী নেতা গৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়তো ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে খনীন মহন্তৰ শৱদেহত পূস্পমাল্য,পূস্পঞ্জলি,গামোছা প্ৰদানেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে দুপৰীয়াৰ ভাগত খনীন মহন্তৰ সৰুপেটাৰ ৰাজহুৱা শ্মশানত অগণন গুণমুগ্ধ, ৰাইজৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like