নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শিল্পী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰে। শিল্পী দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে ২০২২ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা যশস্বী সংগীত শিল্পীদ্বয় ড° অপর্ণা বুজৰবৰুৱা আৰু পুলক বেনার্জীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

তদুপৰি, এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বিশিষ্ট লেখক, গৱেষক ড° উপেন ৰাভা হাকাচামক ২০২১ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা, বিশিষ্ট নাট্যশিল্পী উপকূল বৰদলৈক ২০২১ বৰ্ষৰ সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, বিশিষ্ট নাট্যশিল্পী অবিনাশ শর্মাক ২০২১ বৰ্ষৰ নটসূর্য ফণী শর্মা বঁটা আৰু বিশিষ্ট শিল্পীদ্বয় সোণাৰাম নাথ আৰু দ্রোণ ভূঞাক ২০২১ বৰ্ষৰ বিষ্ণুৰাভাবটা আনুষ্ঠানিকভাৱে প্রদান কৰে। ইয়াৰ উপৰি এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৫০ গৰাকী শিল্পীক ২০২১ বৰ্ষৰ শিল্পী পেন্সন প্রদান কৰে।

শিল্পী দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বঁটা প্রাপকসকলক শুভেচ্ছা জনাই কয় যে তেওঁলোকৰ অধ্যৱসায় তথা সফলতাই ৰাজ্যখনৰ হেজাৰজনক সাংস্কৃতিক কর্মত উৎসর্গিত মনোভাৱেৰে নিয়োজিত হোৱাৰ বাবে অনুপ্রাণিত কৰিব। প্রতিবছৰে অসমবাসীয়ে অসমৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্র জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বার্ষিকী শিল্পী দিৱস হিচাপে পালন কৰি এইগৰাকী মহান শিল্পীলৈ শ্রদ্ধা নিবেদন কৰে। এইগৰাকী মহান শিল্পীয়ে অসমৰ সামাজিক সাংস্কৃতিক দিশলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাই চিনেমা, কবিতা, সংগীত, সাহিত্য আৰু সাংস্কৃতিক দিশলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ কথা স্মৰণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এইগৰাকী মহান শিল্পীয়ে প্রথম অসমীয়া ছবি ‘জয়মতী’ যথেষ্ট প্রত্যাহ্বান নেওচি প্রস্তুত কৰি অসমীয়া কথাছবি জগতৰ বাটকটীয়াৰূপে পৰিচিত হৈছে। এইগৰাকী শিল্পীৰ মাগদর্শন অনুসৰণ কৰিয়েই অনেক চিত্র নির্মাতাই অসমীয়া কথাছবি জগতখন বিশ্ব দৰবাৰত উজলাই তুলিবলৈ সক্ষম হৈছেবুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ সৃষ্টিৰ মাজেৰে সাধাৰণ জনতাৰ কথা প্রতিফলিত কৰিছিল। এইগৰাকী মহান শিল্পীয়ে স্বাধীনতা সংগ্রামৰ সময়ত যুৱ শক্তিক বিদেশী শাসনৰ বিৰুদ্ধে মাত মতাৰ বাবে উদ্বুদ্ধ কৰিছিল। যুৱ শক্তিৰ ওপৰত এইগৰাকী মহান শিল্পীৰ অগাধ বিশ্বাস আছিল বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

You might also like