নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ চনত ভাৰতত উপার্জন হ্রাস ৮% পৰিয়ালৰ

অক্সফামৰ প্রতিবেদনত ক’ভিডসৃষ্ট আর্থিক বৈষম্যৰ তথ্য

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ ঘাতক ক’ভিড–১৯–এ বিশ্বৰ আর্থিক অৱস্থা তচনচ কৰি পেলাইছে৷ মহামাৰী ক’ভিডৰ বাবে বিশ্বৰ আর্থিক বৈষম্য অতি ভয়াৱহ হাৰত বৃদ্ধি পাইছে৷ ভাৰততো ক’ভিড–১৯–এ আর্থিক বৈষম্য ইমানেই বৃদ্ধি কৰিছে যে দেশৰ ৮৪ শতাংশ লোক দৰিদ্র হৈ গৈ আছে৷ আনপিনে, ১০ শতাংশ লোক ধনী হৈ গৈ আছে৷ বিলিয়নাৰৰ সংখ্যা বৃদ্ধি পাইছে৷ অক্সফামে বার্ষিকভাৱে প্রকাশ কৰা প্রতিবেদনত ভাৰতৰ আর্থিক বৈষম্যৰ ভয়াৱহ ছবি এখন স্পষ্ট হৈছে৷ ডাভোছত অনুষ্ঠিত হ’বলগীয়া ৱ’ল্ড ইক’নমিক ফ’ৰামৰ পূর্বে অক্সফামে প্রকাশ কৰা ‘ইনইকুৱেলিটী কিলছ’ৰ প্রতিবেদন মতে, মহামাৰী ক’ভিডে ভাৰতৰ আর্থিক পৰিস্থিতি বিধ্বস্ত কৰাৰ লগতে ধনী আৰু দৰিদ্রৰ আনুুপাতিক বৈষম্য ভয়াৱহ হাৰত বৃদ্ধি কৰিছে৷ প্রতিবেদন মতে ২০২১ বর্ষত দেশৰ ৮৪ শতাংশ পৰিয়ালৰ উপার্জন হ্রাস পাইছে৷ অর্থাৎ ৮৪ শতাংশ পৰিয়াল দৰিদ্র হৈ গৈ আছে৷ আনপিনে, এই সময়ছোৱাতে দেশত বিগত বর্ষৰ ১০২জন বিলিয়নাৰৰ বিপৰীতে ১৪২জনলৈ বিলিয়নাৰ বৃদ্ধি পাইছে৷ বিলিয়নাৰৰ সংখ্যা ২০২১ বর্ষত ৩৯ শতাংশ বৃদ্ধি হৈছে৷ এই বিলিয়নাৰৰ সম্পত্তি ইমানেই বৃদ্ধি পাইছে যে দেশত ২৫ বছৰলৈ শিশুৰ কাৰণে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বাবে পুঁজি যোগান ধৰিবলৈ সক্ষম হ’ব৷

অক্সফামৰ প্রতিবেদন মতে, ১০ শতাংশ ধনী ব্যক্তিয়ে ১ শতাংশ অতিৰিক্ত কৰ প্রদান কৰিলে দেশত অতিৰিক্তকৈ ১৭.৭ লাখ অক্সিজেনৰ চিলিণ্ডাৰ যোগান ধৰিব পাৰিব৷ ৯৮ ধনাঢ়্য বিলিয়নাৰ পৰিয়ালে বিশ্বৰ বৃহত্তম স্বাস্থ্য বীমা আঁচনি আয়ুস্মান ভাৰত ৭ বছৰতকৈ অধিক সময় পুঁজি যোগান ধৰিব পাৰে৷ কেৱল তিনিজন ধনাঢ়্য ব্যক্তিয়ে তেওঁলোকৰ সম্পত্তিৰ ১ শতাংশ অতিৰিক্ত কৰ দিলেই দেশৰ ক’ভিড টিকাকৰণ আঁচনিৰ সমস্ত ব্যয় পূৰণ হ’ব৷ দেশৰ ১৪২ বিলিয়নাৰৰ সম্পত্তিৰ পৰিমাণ ৫৩ লাখ কোটিতকৈ অধিক৷ ইয়াৰে ৯৮জনৰ সম্পত্তিৰ পৰিমাণ দেশৰ দৰিদ্র ৪০ শতাংশৰ সম্পত্তিৰ সমান৷ দৰিদ্রৰ ৪০ শতাংশ সম্পত্তিৰ পৰিমাণ প্রায় ৪৯ লাখ কোটি টকা৷ ক’ভিডৰ পূর্বে কেন্দ্রীয় চৰকাৰে কর্প’ৰেট কৰ হ্রাস কৰাটোৱেই দৰিদ্রৰ সলনি ধনাঢ়্য ব্যক্তি লাভান্বিত হোৱাটো নিশ্চিত কৰে৷ পিছলৈ ক’ভিডে দেশৰ আর্থিক অৱস্থালৈ বিপর্যয় নমাই আনে৷ কর্প’ৰেট কৰ হ্রাস কৰা বাবেই দেশৰ ৰাজহ ১.৫ লাখ কোটি ক্ষতি হয় আৰু পৰিণতিত দেশৰ বিত্তীয় ঘাটি বৃদ্ধিত অৰিহণা যোগাইছে৷ ক’ভিডৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰৰ ২০২০–২১ বর্ষৰ বিত্তীয় বাজেটত স্বাস্থ্যখণ্ডৰ বাজেট ১০ শতাংশ হ্রাস পাইছে৷ বাজেটখনৰ সংশোধিত প্রাক্কলন অনুসৰি স্বাস্থ্যখণ্ডত ১০ শতাংশ নিম্নগামী হোৱাৰ বিপৰীতে শিক্ষাত ৬ শতাংশ কর্তন কৰা হৈছে৷ ঠিক তেনেদৰে বাজেটত অনুমোদন জনোৱা সামাজিক সুৰক্ষা আঁচনিও মুঠ বাজেটৰ পৰা ১.৫ শতাংশ নিম্নগামী হৈছে৷

অক্সফাম ইণ্ডিয়াৰ চি ই অ’ অমিতাভ বেহাৰে প্রকাশ কৰা মতে, বিশ্বজুৰি উপার্জনৰ বৈষম্য তথা আর্থিক বৈষম্য ইমানেই ভয়াৱহ হাৰত বৃদ্ধি হৈছে যে উপার্জন হ্রাস পোৱাৰ বাবে দৰিদ্রতাৰ সন্মুখীন হোৱা অতি কমেও ২১ হাজাৰ লোকে প্রতিদিনে মৃত্যুৰ মুখত পৰিছে৷ অর্থাৎ প্রতি চাৰি ছেকেণ্ডত এজনকৈ লোকৰ উপার্জন হ্রাস পোৱা বাবেই মৃত্যু ঘটিছে৷ ঠিক তেনেদৰে লিংগভিত্তিক উপার্জনৰ মাত্রাও তুলনামূলকভাৱে ভয়াৱহ হৈছে৷ ২০২০ চনত মহিলাসকল উপার্জন ৫৯.১১ লাখ কোটি ক্ষতিৰ সন্মুখীন হৈছে৷ ২০১৯ চনৰ তুলনাত কর্মৰত মহিলাৰ সংখ্যাও হ্রাস পাইছে৷ বিশ্বৰ ১০ ধনাঢ়্য ব্যক্তিৰ সম্পত্তি দুগুণলৈ বৃদ্ধি হৈছে৷ ফ’বছৰ তালিকাত বিশ্বৰ ১০ শীর্ষ ধনাঢ়্য ব্যক্তি এলন মাস্ক, জেফ বেজছ, বার্নাড আৰনল্ড, বিল গেটছ, লেৰি এলিছন, লেৰি পেজ, চার্জাৰী ব্রীন, মার্ক জুকেৰবার্গ, ষ্টিভ বালমাৰ আৰু ৱাৰেন বাফেটৰ সম্পত্তিৰ পৰিমাণ দুগুণ হৈছে৷ এওঁলোকৰ সম্পত্তিৰ পৰিমাণ ২০২১ বর্ষত ৭০০ বিলিয়ন মার্কিন ডলাৰৰ পৰা ১.৫ ট্রিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত এলেন মাস্কৰ সম্পত্তিৰ পৰিমাণ সর্বাধিক এহেজাৰ শতাংশ আৰু বিল গেটছৰ সম্পত্তিৰ পৰিমাণ নূ্যনতম ৩০ শতাংশ বৃদ্ধি পাইছে৷

You might also like